দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মোটা ধনৰ বিনিময়ত হত্যাৰ ভাবুকি প্ৰদান কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হবলগীয়া হৈছে পণ্ডিচেৰীৰ এগৰাকী ব্যক্তি ।
৪৩ বছৰ বয়সৰ সৎয়নন্দন নামৰ ব্যৱসায়ী জনক কোনো সদাশয় ব্যক্তিয়ে যদি ৫কোটি টকা আদায় দিয়ে তেন্তে তেওঁ প্ৰধানমন্ত্ৰীক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলি ফেচবুক যোগে উল্লেখ কৰিছে ।
ব্যক্তিগৰাকীয়ে ফেচবুকত লিখিছে যে “যদিহে কোনো লোকে মোক ৫কোটি দিয়ে মই নৰেন্দ্ৰ মোদীক হত্যা কৰিবলৈ সাজু আছোঁ “।
ফেচবুক পষ্টটোৰ পাছতেই আৰক্ষীয়ে তদন্ত কৰি আটক কৰে ব্যক্তিগৰাকীক ।
ৰাজহুৱা অভদ্ৰামি আৰু ভাবুকিৰ বাবে ভাৰতীয় দণ্ড বিধি ধাৰা ৫০৫ (১) আৰু ৫০৫ (২) ৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ।
উক্ত ফেচবুক পষ্টটোৰ পাছতেই সমগ্ৰ দেশতে চৰ্চাৰ বিষয় হৈ পৰিছে ।
BJP ৰ সমৰ্থক সকলৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধ থকা সচেতন জনতাই এই কাৰ্য্যক তীব্ৰ গৰিহণা দিছে লগতে কঠোৰ শাস্তি পোৱাটো দাবী কৰিছে একাংশই ।