এইবাৰ কিশোৰী নহয় ,কিশোৰ হ’ল ধৰ্ষণৰ বলি

প্ৰতিদিনেই সংঘটিত হৈ থাকে ধৰ্ষণকাণ্ডৰ ঘটনা ৷

যুৱতী-মহিলাসকলৰ ক্ষেত্ৰত পদে পদে আশংকা থাকে কিছুমান নৰপিশাচৰূপী মানুহৰ বাবে ৷

কিন্ত এইবাৰ ধৰ্ষণকাণ্ডৰ পৰা সাৰি নগ’ল এগৰাকী ১৫ বছৰীয়া কিশোৰো ৷

এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ লাহোৰৰ ৰাইউণ্ড প্ৰদেশত ৷

উল্লেখযোগ্য যে সংবাদমাধ্যম Geo News ত প্ৰকাশিত বাতৰি অনুসৰি জনপ্ৰিয় অনলাইন গেম PUBG ৰ বাবে সংঘটিত হৈছে এই লজ্জানত ঘটনা ৷ কিশোৰকেইজনে খেলি থকাৰ মাজতে এক তৰ্কা-তৰ্কিত লিপ্ত হৈছিল ৷

ইয়াৰ পাছতে ধৰ্ষিত কিশোৰজনে বন্ধুকেইজনক ব্লক কৰি দিছিল ৷

আৰক্ষীৰ তদন্তমৰ্মে বন্ধুৰ প্ৰতি এক আক্ৰোশমূলক আচৰণ কৰি অভিযুক্তকেইগৰাকীয়ে মৃত কিশোৰজনক ধৰ্ষণ কৰি হত্যা কৰে ৷

পাকিস্তানৰ এক সংবাদমাধ্যমৰ যোগেদি জানিব পৰা যায় যে ১৩ জানুৱাৰীতে কিশোৰজনক অপহৰণ কৰা হৈছিল আৰু এই কাণ্ডৰ পিছতেই কিশোৰজনৰ পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চপাত সমগ্ৰ ঘটনাৱলী পোহৰলৈ আহে ৷

আৰক্ষীৰ অভিযানত কিশোৰজনক শেখপুৰা অঞ্চলত মৃতদেহ উদ্ধাৰ হয়।

মৃত কিশোৰৰ ডি এন এৰ নমুনা ফৰেনছিকলৈ প্ৰেৰণ কৰে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মূল ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

best news portal in assam top news channel assam best web portal in assam online news assam latest news assamtop web portal in assam
Comments (0)
Add Comment