আহি আছে প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এটা হেঁপাহৰ দিন ৷
যাৰ প্ৰেমিক অথবা প্ৰেমিকা আছে তেঁওলোকৰ ভিন্ন পৰিকল্পনা ৷
কিন্ত যাৰ কোনো নাই অথবা বিবাহিত অথচ অসুখী তেঁওলোকে কি কৰিব !
সেই সকলৰ বাবে আছে এটা আকৰ্ষণীয় উপহাৰ ৷
আছে এক ধুনীয়া সুবিধা ৷
প্ৰেমিক-প্ৰেমিকাক আকৰ্ষিত কৰিব পৰাকৈ এতিয়া সমান্তৰালভাৱে ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠান তথা দোকান-পোহাৰসমূহ ৷
ভেলেণ্টাইন ডে’ৰ প্ৰাকক্ষণত ব্যৱসায়িক এক প্ৰচাৰৰূপে টিনিজৰ ক্ৰছভিলেৰ দ্য পাৱাৰ্ছ ল’ ফাৰ্মে আগবঢ়াইছে এক আজৱ অফা’ৰ ৷
তেওঁলোকে এই বৰ্ষৰ ভেলেণ্টাইন ডে’ত আয়োজন কৰিছে এক বিশেষ প্ৰতিযোগিতা ৷
প্ৰতিযোগিতা অনুসৰি সম্পৰ্কত অসুখী দম্পতীৰ মাজত হ’ব এই প্ৰতিযোগিতা ৷ আৰু প্ৰতিযোগিতাৰ বিজয়ীক কৰাব বিনামূলীয়াকৈ বিবাহ বিচ্ছেদ ৷
আৰু ইয়াৰ পিছতে এই ফাৰ্মখনে বিচ্ছেদ বিচৰা অসুখী দম্পতীক বিনামূলীয়া আইনী সাহায্য আগবঢ়োৱাৰ লগতে আদালতত আবেদনৰ মাচুলৰ লগতে আবেদনৰ মাচুলো বিনামূলীয়া কৰা হ’ব ৷
যদিহে কোনো অসুখী দম্পতীয়ে বিবাহ বিচ্ছেদ কৰাব বিচাৰে বিচ্ছেদৰ কাৰণ উল্লেখ কৰি এটা মেইল কৰিব লাগিব ৷
১৫ ফেব্ৰুৱাৰীলৈ এই আবেদন গ্ৰহণ কৰা হ’ব আৰু ১৯ ফেব্ৰুৱাৰীলৈ ইয়াৰ বিজয়ী ঘোষণা কৰা হ’ব ৷
যদিহে দম্পতীটোৱে বিবাহ বিচ্ছেদ কৰাবলৈ সন্মত হয় আৰু যদি কোন চাইল্ড কাষ্ট’ডিৰ সমস্যা নাথাকে তেতিয়াহে পাৰিব ৷
মাচুলবিহীন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই প্ৰতিযোগিতাত কেৱল এই দেশৰ বাসিন্দাসকলেহে অংশগ্ৰহণ কৰিব লাগিব ৷
ইয়াৰ বাহিৰেও “মিচেছ পাৱাৰ চাৰ্ভিচেছৰ’ৰ বাবে কোনো মাচুলো আদায় দিব নালাগে