সঁচাকৈয়ে এক আচৰিত ঘটনা।
গুজৰাটৰ আহমেদাবাদত ২৬ বছৰীয়া যুৱৰাজ সিন জালা নামৰ ৰাজহুৱা আৰক্ষী দলৰ জোৱান এগৰাকী কৰ্মসূত্ৰে চৰকাৰী কাৰ্যালয়লৈ গৈ হঠাৎ মৰা হাঁচিৰ পিছতেই লাগিল কেনা।
হাঁচিটোৰ বাবে খঙত খৰ্গহস্ত হৈ আৰক্ষী জালাৰ কাষত ৰৈ থকা দুজন যুৱকে গালি-গালাজৰ লগতে প্ৰহাৰ কৰে জালাক।
ক্ৰুচনানাগড় আৰক্ষী থানাত কৰ্মৰত জালাই বাৰম্বাৰ লোক কেইজনক এগৰাকী আৰক্ষী বুলি নিজকে পৰিচয় দিয়াৰ উপৰিও চৰকাৰী কাম লৈ মমলাতদাৰ কাৰ্যালয়লৈ আহিছে বুলি জনোৱাৰ পাছতো ।
কিন্তু উত্তেজিত পৰা যুৱক দুজনে তেওঁলোকৰ আন তিনিগৰাকী সহকৰ্মীক মাতি আনে আৰু একেলগ হৈ জালাক গুৰুতৰভাৱে প্ৰহাৰ কৰে ।
অভিযুক্ত লোকজনে হাঁচিটোক অশুভ বুলি বৰ্ণনা কৰি এনেদৰে উত্তেজিত হৈ পৰিছিল বুলি উল্লেখ কৰিছে জালাই।
ঘটনা সম্পৰ্কে জালাই অৱগত কৰিছিল জ্যেষ্ঠ বিষয়াসকলক।
খন্তেক সময়ৰ পাছত ঘটনাস্থলীত জ্যেষ্ঠ বিষয়াসকল উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি অভিযুক্ত ভাৰত ভৰৱাদ, বিপুল ভৰৱাদ, সঞ্জয় ভৰৱাদ, ৰবি ভৰৱাদ আৰু জগদীশ ভৰৱাদ বুলি চিনাক্ত কৰে।
ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে জালাই নাৰোদা আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ।
বৰ্তমানে আচৰৱা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা জালাৰ এই আক্ৰমণত নাক ভাঙি যোৱাৰ লগতে চকুত বহু চিলাই পৰিছে জালাৰ।
উল্লেখ্য যে, কোভিডসৃষ্ট পৰিস্থিতিয়ে দেশৰ লগতে বিশ্ববাসীক ভীতিগ্ৰস্ত কৰি ৰখাৰ লগতে ভিন্ন সতৰ্কতা অৱলম্বন কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে।
তেনে প্ৰেক্ষাপটতে হাঁচিক লৈ এনেধৰণৰ ঘটনা সংঘটিত হোৱাটো নিন্দনীয়। সতৰ্কতা প্ৰয়োজন কিন্তু আনৰ হানি কৰাটো উচিত নহয়।