ধিঙত অনুষ্ঠিত এ আই ইউ ডি এফৰ এখন নিৰ্বাচনী সভাত বদৰুদ্দিন আজমলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ” চাহাব ” সম্বোধন কৰাৰ পাছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে ৷ বটদ্ৰৱা থান পৰিচালনা সমিতি , ৰিপুন বৰাৰ পাছতেই এতিয়া ডিব্ৰুগড়ৰ বিজেপি দলৰ বিধায়ক প্ৰশান্ত ফুকনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ” বদৰুদ্দিন আজমলে আমাৰ গুৰুজনাক অপমান কৰিছে ৷ আজমল এগৰাকী অপদাৰ্থ ব্যক্তি ৷ সেয়ে মহাপুৰুষজনাক দৃষ্টিকটু মন্তব্য কৰিছে ৷ “ এই বক্তব্যৰ উপৰিও কংগ্ৰেছ দলৰ সৈতে লগ হৈ বদৰুদ্দিন আজমলে অসমীয়াৰ নামঘৰত নামাজ পঢ়িবলৈ ষড়যন্ত্ৰ ৰচনা কৰা বুলিও ব্যক্ত কৰে প্ৰশান্ত ফুকনে ৷