ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ‘ষ্টাৰ কেম্পেইনাৰ’ শুকুৰ আলীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ।
লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে যুঁজ দিয়া শুকুৰ আলী এইবাৰ লাগিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ পিছত।
আগন্তুক বিধানসভা নিৰ্বাচনত ৰিপুণ বৰাই যিটো সমষ্টিতে নিৰ্বাচন খেলিব, সেই সমষ্টিৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব শুকুৰ। বিজেপিয়ে যদি টিকট নিদিয়ে, নিৰ্দলীয় হিচাপে হ’লেও প্ৰতিদ্বন্দ্বিতা কৰিব।
বৃহস্পতিবাৰে লখিমপুৰৰ বঙালমৰাত শুকুৰ আলীয়ে চলালে প্ৰচাৰ। ৰিপুণ বৰাৰ বিৰুদ্ধে যুঁজাৰ কথাও ক’লে সংবাদ মাধ্যমৰ আগত। নাওবৈচা সমষ্টিৰ বহুকেইখন গাঁও ভ্ৰমণ কৰি শুকুৰ আলীয়ে এক সাক্ষাৎকাৰত ক’লে বহু কথা৷
নিৰ্বাচনত জয়ী হ’লে শিক্ষামন্ত্ৰীৰ দায়িত্ব ল’বলৈ মন শুকুৰ আলীৰ৷ এদিনৰ কাৰণেও যদি মুখ্যমন্ত্ৰী হ’বলৈ পায় শেষ কৰিব হেনো সাম্প্ৰদায়িকতা৷