উচ্চতম ন্যায়ালয়ে ভুৱা সংবাদ আৰু ঘৃণাজনিত বাৰ্তা পৰীক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ এক আবেদনৰ শুনানি লৈ টুইটাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে ।
যোৱা বছৰ মে’ মাহত বিজেপি নেতা বিনীত গোৱেংকাই শীৰ্ষ আদালতখনত দাখিল কৰিছিল এক আবেদন ।
টুইটাৰত বাৰ্তা তথা ভুৱা সংবাদ পৰীক্ষা কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভত আবেদনখনৰ জৰিয়তে জানিব বিচাৰিছিল বিজেপি নেতাগৰাকীয়ে ।