ভাৰতত প্ৰথমবাৰৰ বাবে ফাঁচী দিয়া হ’ব মহিলাক !

 চাঞ্চল্যকৰ আমৰোহা হত্যাকাণ্ডত জড়িত উত্তৰ প্ৰদেশৰ শ্ববনম নামৰ মহিলাক অতি শীঘ্ৰেই ফাঁচী দিয়াৰ সম্ভাৱনা। ২০০৮ চনত প্ৰেমিক চালিমৰ সৈতে পৰিয়ালৰ সাতজনলোকক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত হৈছিল শ্ববনম।

ইতিমধ্যে, ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে অগ্ৰাহ্য কৰিছে শ্ববনমৰ ক্ষমাৰ আবেদন। অৱশ্যে, এতিয়াও চূড়ান্ত কৰা হোৱা নাই মহিলাগৰাকীক ফাঁচী দিয়াৰ সঠিক তাৰিখ। ইপিনে,আমৰোহা হত্যাকাণ্ডৰ মূল অভিযুক্ত চবনমক ৰামপুৰ জিলা কাৰাগাৰত ৰখাৰ বিপৰীতে চালিমক ৰখা হৈছে আগ্ৰা কাৰাগাৰত। 

ৰামপুৰ জিলা কাৰাগাৰৰ জেইলাৰ ৰাকেশ কুমাৰ বাৰ্মাই দিয়া তথ্য অনুসৰি, দুই অপৰাধীক ফাঁচী দিয়াৰ বাবে সকলো প্ৰস্তুতি আৰম্ভ কৰিছে জিলা প্ৰশাসনে। আমৰোহা জিলা প্ৰশাসনে শ্ববনমৰ মৃত্যুদণ্ডৰ অনুমতি দিয়াৰ পাছতেই মথুৰা জিলা কাৰাগাৰলৈ স্থানান্তৰ কৰা হ’ব শ্ববনমক। আনহাতে, মথুৰা জিলা কাৰাগাৰ হৈছে দেশৰ একমাত্ৰ কাৰাগাৰ, য’ত মহিলাক মৃত্যুদণ্ড দিয়াৰ সকলো ব্যৱস্থা আছে।

উল্লেখ্য যে, শ্ববনম আৰু চালিমৰ প্ৰেমৰ বিৰোধিতা কৰাৰ বাবেই এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত কৰিছিল দুয়ো প্ৰেমিক-প্ৰেমিকাই। প্ৰেমৰ বিৰোধিতাৰ বাবেই ২০০৮ চনৰ ১৪ এপ্ৰিলত আমৰোহা জিলাৰ বাৱানখেদি গাঁৱত শ্ববনমৰ পিতৃ-মাতৃ, দুজন ভাতৃ আৰু তেওঁলোকৰ পত্নী আৰু ১০ মহীয়া ভতিজাকক নৃশংসভাৱে হত্যা কৰিছিল শ্ববনম আৰু চালিমে।

ইফালে, ইংৰাজী আৰু ভূগোলত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শ্ববনমে প্ৰথমাৱস্থাত অচিনাক্ত দুৰ্বিত্তই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি উল্লেখ কৰিছিল যদিও, পৰৱৰ্তীসময়ত স্বীকাৰ কৰিছিল যে তেওঁ চালিমৰ সৈতে পৰিয়ালৰ সদস্যসকলক গাখীৰত বিহ মিহলাই হত্যা কৰিছিল।

আমৰোহা হত্যাকাণ্ডৰ গোচৰৰ শুনানি দুবছৰতকৈও অধিক সময় ধৰি আমৰোহা আদালতত হৈছিল। ২০১৫ চনত উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক সন্মতি জনাই মৃত্যুদণ্ডৰ ঘোষণা কৰিছিল।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment