ৰাহুল গান্ধীয়ে ক্ষমা কৰি দিলে পিতৃ হত্যাকাৰীক

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ পিতৃ তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ক্ষমা কৰি দিছে ৰাহুল গান্ধীয়ে ৷ তেঁওৰ এতিয়া কোনো ক্ষোভ নাই পিতৃৰ হত্যাকাৰীৰ প্ৰতি ৷ বুধবাৰে পুড্‌ডুচেৰীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে এই মন্তব্য কৰে ৷

তেঁও কৈছিল যে , ” পিতৃৰ হত্যাই মোক যথেষ্ট আঘাত দিছিল , সেইয়া কঠিন সময় আছিল আৰু এনে লাগিছিল যে মোৰ কলিজা কোনোবাই কাটি লৈ গৈছে। আৰু এতিয়া মই ক্ষোভিত হৈ থকা নাই আৰু কাকো ঘৃণাৰ দৃষ্টিৰে নাচাঁও। “


ৰাজীৱ গান্ধী হত্যাৰ গোচৰত ৭জনক যাৱত জীৱন কাৰাদণ্ড বিহা হৈছিল।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে এনেদৰে কয়- “হিংসা কাৰো পৰা একো কাঢ়ি নিব নোৱাৰে ;হিংসাত্মক কাৰ্যৰ সেই শক্তি নাই ;আজি মই যি কৰি আছোঁ ;তাৰ সিংহভাগ মই দেউতাৰ পৰা শিকিছোঁ।

মোৰ পিতৃ আজিও মোৰ পিতৃ আজিও মোৰ যোগেদি বিৰাজমান ।ৰাজীৱ গান্ধীৰ মাতৃ ইন্দিৰা গান্ধীক ১৯৮৪চনত নিজৰ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment