Covid 19 ৰ প্ৰথম পৰ্যায়ৰ টিকাকৰণ আৰম্ভ হ’ল আফগানিস্তানত ।
নিৰাপত্তাৰক্ষী বাহিনী স্বাস্থ্যকৰ্মী আৰু সাংবাদিকসকলক প্ৰথম প্ৰাধান্য প্ৰদান কৰিছে আফগানিস্তান চৰকাৰে ।
ভাৰতৰ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই (এছ আই আই ) প্ৰদান কৰা ৫০০,০০০ পালি ভেকছিনৰ জৰিয়তে আৰম্ভ হ’ল টিকাকৰণ ।
যুদ্ধত প্ৰতিবাৰেই ক্ষতিগ্ৰস্থহোৱা দেশখনক মানৱতাৰ হাত আগবঢ়াই ভাৰত চৰকাৰে ।
এক বিশেষ অনুষ্ঠানৰ জৰিয়তে ৰাষ্ট্ৰপতি ভৱনত স্বাস্থ্য মন্ত্ৰী ৱাহীদ মাজৰোহে ২,৫০,০০০ লোকক ভেকচিন প্ৰদান কৰিব ।
কূটাঘাত সংঘটিত কৰা তালিবান বিদ্ৰোহীসকলেও এই টিকাকৰণক সমৰ্থন ঘোষণা কৰিছে ।ভাৰতৰ এই সহায়ৰ হাতে দেশৰ ৩৪ নিযুত লোকক সামৰি ল’ব বুলি আফগান স্বাস্থ্য মন্ত্ৰী বিষয়াই জানিব দিয়ে । Covid 19 ভেকচিনৰ প্ৰথম সাক্ষী হ’ব আফগান নেতা ৰাষ্ট্ৰপতি অশ্ৰাফ ঘানি ।