বিশিষ্ট সংগীতশিল্পী কুল বৰুৱাৰ মৃত্যুৱে এতিয়া সকলোকে মৰ্মাহত কৰি তুলিছে ৷
বৃহস্পতিবাৰে মাজনিশা গুৱাহাটীৰ শিলপুখুৰীস্থিত বাসভৱনত গুণমুগ্ধসকলক মৰ্মাহত কৰি জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীতশিল্পীগৰাকীয়ে ৷
১৯৩৮ চনত জন্মগ্ৰহণ কৰা প্ৰয়াত শিল্পীগৰাকীৰ মৃ্ত্যুৰ সময়ত বয়স আছিল ৮৩ বছৰ ৷
‘অল ইণ্ডিয়া ৰেডিঅ’ ৰ এগৰাকী নিয়মীয়া শিল্পী আছিল কুল বৰুৱা ৷
অসমীয়া সংগীত জগতত এক উল্লেখনীয় অৱদান আগবঢ়াই থৈ গ’ল বিশিষ্ট শিল্পীগৰাকীয়ে ৷
তেজপুৰৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰা কুল বৰুৱাই কটন মহাবিদ্যালয় (বৰ্তমানৰ কটন বিশ্ববিদ্যালয়) তো শিক্ষা গ্ৰহণ কৰিছিল ৷
‘প্ৰভাতী পখীৰ গান’ , ‘পাপ আৰু প্ৰায়শ্চিত্ত’ , ‘সাদৰী’ , ‘বৃষ্টি’ , ‘সেন্দুৰ’ , আদিত বোলছবিত কন্ঠদান কৰিছিল কুল বৰুৱাই৷
ইয়াৰোপৰি ‘শ্ৰীমতী মহিমাময়ী’ আৰু ‘বিশেষ এৰাতি’ত সংগীত পৰিচালক ৰূপে কাম কৰিছিল ৷
সমান্তৰালভাৱে কুল বৰুৱাই দূৰদৰ্শনৰ দুখনকৈ ধাৰাবাহিক ’লহৰ ’ আৰু ’নামঘৰীয়া’ ত সংগীত পৰিচালনা কৰি এক চিৰসেউজ অৱদান আগবঢ়াই থৈ গৈছে ৷
অসমীয়া সংগীত জগতৰ এগৰাকীৰ পাছত আন এগৰাকী সংগীতৰ ক্ষেত্ৰখনত জিলিকাই থকা বিশিষ্ট শিল্পী হেৰাই যোৱাতো অসমীয়া সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰ’ব ৷