ধিং এক্সপ্ৰেছ ছদ্মনামেৰে থকা হিমা দাস অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰে এগৰাকী প্ৰতিভাৱান খেলুৱৈ।
ইণ্ডোনেছিয়াৰ জাকৰ্তাত অনুষ্ঠিত ২০১৮ চনৰ এছিয়ান গেমছত তেওঁ ৫০.৭৯ছেকেণ্ডৰ ব্যৱধানত ৪০০মিটাৰ দৌৰত ভাৰতৰ লগতে ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে।
হিমা দাসে আই এ এফ বিশ্ব ইউ ২০এটা ট্রেক ইভেণ্টত স্বৰ্ণ পদক জয় কৰা প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ ।
বৰ্তমান ২০২১ ৰ ২৬ফেব্ৰুৱাৰী তাৰিখে অসম আৰক্ষীত উপ আৰক্ষী অধীক্ষক DSP হিচাপে নিযুক্ত কৰা হৈছে ।
ৰাজ্যিক ইন্তিগ্ৰেটেড স্পৰ্ট পলিচীৰ অধীনত অসম আৰক্ষীত DSP পদত নিযুক্ত কৰা হৈছে।
অসমৰ ধিং চহৰৰ কান্দুলিমাৰী গাঁৱত ৰণজিৎ দাস আৰু জোনালী দাসৰ জীয়ৰী হিমা দাস ।
২০১৮ চনত অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত ৪০০মিটাৰ আৰু ৪×৪০০ মিটাৰ ৰিলেত প্ৰতিদ্বন্দিতা কৰিছিল ।
২০১৯ ত পোলেণ্ডৰ পোজনন গ্ৰেণ্ড প্রিক্সত ২০০মি:দৌৰত ২৩’৬৫ ছেকেণ্ডত ভংগ কৰি সফলতা অব্যাহত ৰাখে ।
ভাৰতৰ ৰাষ্ট্ৰপতি ২০১৮চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে অৰ্জুন বঁটা প্ৰদান কৰিছিল হিমা দাসক।
ইতিমধ্যে অন্তজাৰ্তিক পৰ্যায়ত স্বৰ্ণপদক জয় কৰা ভোগেশ্বৰ বৰুৱাৰ পিছতে হিমা দাসৰ নাম একাদিক্ৰমে সন্নিবিষ্ট হৈ পৰিছে