মানুহে অপৰাধ কৰি জে’ললৈ যোৱাৰ কথা সকলোৰে জ্ঞাত ৷
কিন্ত এইবাৰ এটা কুকুৰাই এগৰাকী ৪৫ বছৰীয়া ব্যক্তিক হত্যা কৰি ৰঙাঘৰৰ আলহী হোৱা দেখা গৈছে ৷
এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ জাগটিয়াল জিলাত ৷
ঘটনা অনুসৰি তেলেংগানাৰ জাগটিয়াল জিলাৰ লথুনো গাঁৱৰ য়েল্লুমা মন্দিৰত ২২ ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছিল এখন কুকুৰা যুঁজ ৷
থানুগুল্লা সত্তিশ নামৰ ব্যক্তিজনে কুকুৰা যুঁজৰ বাবে লৈ গৈছিল নিজৰ ঘৰত পোহা কুকুৰাটো ৷
ব্যক্তিগৰাকীয়ে কুকুৰাটোৰ এটা ঠেঙত বিপক্ষ কুকুৰাক সহজে আক্ৰমণ কৰিব পৰাকৈ বান্ধি দিছিল এখন সৰু ছুৰী ৷
যুঁজৰ বাবে যেতিয়াই কুকুৰাটোক এৰি দিয়া হৈছিল, তেতিয়াই দুৰ্ভাগ্যবশতঃ নিজৰ গৰাকীৰ তলপেটতেই আহত কৰে গুৰুতৰভাৱে ৷
লোকজনক লগে লগেই চিকিৎসালয়লৈ নিয়া হয় যদিও কুকুৰাৰ চুৰীকাঘাতত মৃত্যু হয় লোকজনৰ ৷
অৱশ্যে তেলেংগানাত নিষিদ্ধ আছিল কুকুৰা যুঁজ , কিন্ত ইয়াৰ পিছতো গোপনে আয়োজন কৰা হৈছিল এই কুকুৰা যুঁজৰ।
কুকুৰা যুঁজ আয়োজনৰ খবৰ পাই , ঘটনাৰ পিছতে গুল্লাপল্লি আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ আয়োজক সমিতি,বিষয়ববীয়াসহ কুকুৰাটোক আটক কৰে ৷
আৰক্ষী বিষয়া বি জীৱনে জানিবলৈ দিয়া মতে কেমেৰাত বন্দী হোৱা দৃশ্যৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে গৰাকীসহ কুকুৰাটো আৰু ইয়াৰ পাছতে হাজিৰ কৰোৱা হ’ব আদালতত ৷
আদালতৰ নিৰ্দেশৰ ভিত্তিত পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ৷