গৃহনিৰ্মাতা অৰুণ প্ৰভুৰ এক সৃষ্টিশীল কৰ্মই এতিয়া অভিভূত কৰি তুলিছে সকলোকে ৷
এখন সৰু অট’ৰিক্সাৰ ওপৰত ভ্ৰাম্যমাণ এটা ঘৰ নিৰ্মাণ কৰি ঘৰটোৰ প্ৰতি একপ্ৰকাৰে সকলোকে আকৰ্ষিত কৰি তোলা দেখা গৈছে ৷
অৰুণ প্ৰভুৱে নিৰ্মাণ কৰি উলিওৱা এই ঘৰটোত আছে এটা শোৱনি কোঠা , এটা পাকঘৰ আৰু এটা স্নানাগাৰ ৷
ইতিমধ্যে সামাজিক মাধ্যমতো যথেষ্ট ভাইৰেল হৈ পৰিছে এই চলন্ত আকৰ্ষণীয় ঘৰটো ৷ ইয়াৰ পাছতে অৰুণ প্ৰভুৰ এই সৃষ্টিত আপ্লুত হৈ একেলগে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে দেশৰ প্ৰখ্যাত ব্যৱসায়ী আনন্দ মহিন্দ্ৰাই ৷
এই সন্দৰ্ভত টুইটাৰত এক টুইটযোগে আনন্দ মহিন্দ্ৰাই শ্বেয়াৰ কৰিছে ,” অতি কম ঠাইক বেছি উপযোগী কৰি অৰুণে এক উদাহৰণ দাঙি ধৰিলে , যদিহে বহল পৰিসৰত এনে সৃষ্টি কৰা যায় তেনেহ’লে ই অধিক সম্ভাৱনাময় হৈ পৰিব ৷ সেয়েহে মই ক’ব বিচাৰিছো যে এখন বলেৰ’ পিক আপত যদি নিৰ্মাণ কৰা হয় তেনে ই বেছি ঠাই পাব ৷ ”