বিশ্বজুৰি পালন “আন্তৰ্জাতিক মহিলা দিৱস”

ভাৰতীয় সমাজত নাৰীৰ স্থান অতিগুৰুত্বপূৰ্ণ ।নাৰী অবিহনে মানৱ জাতিৰ সৃষ্টি অসম্ভৱ । অতীজতে নাৰীৰ জীৱনশৈলী কেৱল চাৰি বেৰৰ ভিতৰতে আবদ্ধ হৈ আছিল,কিন্তু বৰ্তমান মহিলাসকলেও পুৰুষৰ সৈতে খোজ দিছে ।

যুগৰ পৰিৱৰ্তনৰ লগতে সামাজিক ,সাংস্কৃতিক ,অৰ্থনৈতিক আদি বিভিন্ন ক্ষেত্ৰত নাৰীয়ে কৰ্মৰ জৰিয়তে প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছে ।


আজি ৮মাৰ্চ বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক মহিলা দিৱস ।


আমেৰিকাৰ ছচিয়েলিষ্ট পাৰ্টিয়ে ১৯০৯ চনৰ ২৮ফেব্ৰুৱাৰীত নিউয়ৰ্ক চহৰত আয়োজন কৰাৰ পিছত ,জাৰ্মান প্ৰতিনিধি ক্লাৰা জেটকিন,কাৰ্টে ডুস্কাৰ ,পলা থিদে আৰু অন্যান্যলোকেও ১৯৯০ চনৰ আন্তৰ্জাতিক সমাজতান্ত্ৰিক মহিলা সন্মিলনত প্ৰস্তাৱ দিছিল যে বছৰি “এক বিশেষ মহিলা দিৱস “আয়োজন কৰা হয়।

ৰাষ্ঠসংঘই ১৯৭৭ চনত আজিৰ দিনটো উদযাপন কৰা আৰম্ভ কৰিছিল।
বিশ্বৰ কিছুমান দেশত এই দিনটো নাৰীৰ প্ৰতিবাদৰ দিন হিচাপে নিৰ্ধাৰণ কৰে যদিও ভাৰতবৰ্ষত অতি উলহ মালহৰে উদযাপন কৰা হয়।

২০২১ চনৰ আন্তঃ ৰাষ্ট্ৰীয় মহিলা দিৱসৰ বাবে ইউ এন থিম হৈছে “নেতৃত্বত মহিলা:COVID -19বিশ্বত এক সমান ভৱিষ্যত লাভ কৰা। COVID-19 মহামাৰীৰ সময়ত বিশ্বব্যাপী ছোৱালী আৰু মহিলাসকলৰ স্বাস্থ্য সেৱা কৰ্মী হিচাপে থকা নাৰীৰ আলোকপাত কৰিছে বিভিন্ন মহলত আৰু ইয়াৰ সৈতে জড়িত লোকক আজিৰ দিনটোত #IWD2021 আৰু #internationalwoman’sday ৰূপে পৰিগণিত কৰিছে ।

২০২১ চনৰ আন্তৰ্জাতিক মহিলা দিৱসৰ থিমটো হ’ল #ChooseToChallenge। ই “প্ৰত্যাহ্বানমূলক পৃথিৱী হৈছে এক সতৰ্ক পৃথিৱী, আৰু প্ৰত্যাহ্বানৰ পৰা পৰিৱৰ্তন আহে” এই কথাটো সূচায়। এই বছৰ, আমি সকলোৱে আমাক বাধা দি ৰখা সকলোবোৰ প্ৰত্যাহ্বান নেওচি আৰু অধিক ভাল সহযোগী হ’ব পাৰো।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment