পুনৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মুদী উজনি অসমত বিজেপি মিত্ৰজোঁটৰ শক্তি বৃদ্ধি কৰা উদ্দেশ্যৰে আহিব মোদী ।২০মাৰ্চত চাবুৱাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
চাবুৱাত বিশাল নিৰ্বাচনী সভাত অংশ লব মোদীয়ে । প্ৰধানমন্ত্ৰীৰ আগমনকলৈ তৎপৰ এতিয়া ৰাজ্যিক বিজেপি আৰু অগপ ।এই বিশাল নিৰ্বাচনী সভাত ১০হাজাৰতকৈও অধিকলোকৰ অংশগ্ৰহণৰ সম্ভাৱনা ।
পুনৰ নিৰ্বাচনী ৰণডংকা বজাবলৈ ২০মাৰ্চ তাৰিখে অসমত উপস্থিত হ’বহি প্ৰধানমন্ত্ৰী গৰাকী ।নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত এয়া হ’ব প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰথমটো অসম ভ্ৰমণ আৰু আজি যিহেতু প্ৰথম পৰ্যায়ৰ নির্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন আৰু ইয়াৰ পিছতে প্ৰাৰ্থীসকলে যিহেতু যোৰদাৰ হৈ উঠিব নিৰ্বাচনী প্ৰচাৰ অভিযান । এনে প্ৰচাৰ অভিযানৰ সময়তে মোদী সাজু হৈছে অসম ভ্ৰমণৰ বাবে ।