অসমবাসীলৈ এক সুখবৰ !
বলীউডত এইবাৰ খলকনি তুলিবলৈ সাজু হৈছে অসমৰ এগৰাকী আইতাই ৷
জনপ্ৰিয় বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানাৰ সৈতে অভিনয় কৰিব “মাডাৰ অ’ল্ড এজ হোমৰ” আৱাসী আইতাগৰাকীয়ে ৷
১০২ বছৰ বয়সৰ আইতাগৰাকীয়ে অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছে “ANEK” নামৰ বলীউডৰ ছবিখনত ৷
আহিবলগীয়া ছবিখনৰ পৰিচালক হৈছে অনুভৱ সিনহা ৷
উল্লেখযোগ্য যে “ANEK” নামৰ ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম চলি আছে শ্বিলঙত ৷