আৰক্ষীয়ে চাই দিব লাগিব বিয়াৰ বাবে কইনা

এক আজব ঘটনা ৷এজন যুৱকে বিয়া পাতিবলৈ বিচাৰি আছে কইনা ৷

কিন্ত কইনা বিচাৰি পোৱাহে নাই ৷

যুৱজনৰ বয়স ২৬ বছৰ।

উচ্চতা মাত্ৰ ২ ফুট ৷

যুৱকজনে অভিযোগ উত্থাপন কৰি কৈছে যে যুৱকজনৰ ইচ্ছা থকা স্বত্বেও তেঁওৰ পৰিয়ালৰ লোকে তেঁও বিয়া কৰোৱাতো বিচৰা নাই ৷

উপায়ন্তৰ হৈ অৱশেষত উত্তৰ প্ৰদেশৰ চামেলি জিলাৰ ২৬ বছৰ বয়সৰ বিশেষ যুৱকজন কাষ চাপিল আৰক্ষীৰ ওচৰত ৷

আৰক্ষীৰ ওচৰ চাপি আৰক্ষীক অনুৰোধ কৰিলে যুৱকজনক এতিয়া আৰক্ষীয়ে চাই দিব লাগে তেঁওৰ বিয়াৰ বাবে কইনা ৷

পৰিয়ালৰ লোক যিহেতু মান্তি নহয় এতিয়া আৰক্ষীয়ে কৰিব লাগিব সহায় যুৱকজনক ৷

আজিম নামৰ যুৱক জনৰ এই আজব অনুৰোধত এতিয়া তবধ মানিছে সকলোৱে ৷

যদিহে বিয়াৰ ক্ষেত্ৰত কিছু সমস্যা হয় তেনেহ’লে সেয়াও আৰক্ষীয়ে চাব লাগিব বুলি কয় আজিমে ৷

আৰক্ষী বিভাগৰ এয়া কাম নহয় যদিও এতিয়া সকলোৱে আজিমে উপযুক্ত জীৱনসংগী পোৱাতো আশা কৰে

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment