তামিল চলচ্চিত্ৰ পৰিচালকৰ দেহাৱসান

তামিল চলচ্চিত্ৰ পৰিচালক এছপি জননাথনৰ দেহাৱসান।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী তামিল চলচ্চিত্ৰৰ পৰিচালক এছপি জননাথনৰ দেওবাৰে ৰাতিপুৱা চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা চলি থকা অৱস্থাত স্বাস্থ্য জটিলতাৰ ফলত মৃত্যু হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ।জননাথনৰ পৰিচালিত প্ৰথম ছবি “আইয়াৰকাই”য়ে ২০০৪চনত শ্ৰেষ্ঠ ফিচাৰ ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

তেওঁৰ আন ছবিবোৰৰ ভিতৰত “ই”, “পেৰানমাই”,”পুৰমপোক্কু এঙ্গিৰা পোথুভুডাইমাই” আৰু অন্যান্য।

বিজয় সেতুপতি আৰু শ্ৰুতি হাছানৰ সৈতে তেওঁৰ ছবিখনৰ পোষ্ট প্ৰযোজনাৰ ওপৰত কাম কৰি আছিল যদিও কিছুদিন আগত তেওঁ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment