বাঘৰ পোৱালিৰ সৈতে ফটোশ্বত কৰি বিপদত দৰা কইনা

আজৱ বিয়াৰ ফটোশ্বত কৰিবলৈ গৈ বিপদত পৰিল এহাল দম্পতী ৷ কইনা আৰু দ’ৰাই বিবাহৰ বাবে ফটোশ্বত কৰাৰ সিদ্ধান্ত কৰিছিল কিন্ত ফটোশ্বতত সংযুক্ত হৈ আছিল এটা বাঘৰ পোৱালি ৷ প্ৰপ হিচাপে বাঘৰ পোৱালি ব্যৱহাৰ কৰি সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হয় দম্পতীহাল ৷ তেঁওলোকৰ বিবাহৰ ফটোশ্বত ফটোবোৰ ইন্ষ্টাগ্ৰামত পোষ্ট কৰা হৈছিল ৷পাকিস্তানৰ লাহোৰৰ সংঘটিত হৈছে এই ঘটনা ৷

পাকিস্তানৰ পশু কল্যাণ সংগঠন চেভ দা ৱাইল্ডে তেঁওলোকৰ মাজত পৰি থকা সিংহ পোৱালিটোৰ ভিডিঅ’টো শ্বেয়াৰ কৰিছে লগতে #SherdiRani হেচট্যাগ ৰূপে ব্যৱহাৰ কৰিছে ৷ লগতে পোষ্টত , চেভ দি ৱাইল্ডে পাঞ্জাৱ বন্যপ্ৰাণী আৰু উদ্যান বিভাগক টেগ কৰিছিল আৰু কৰ্তৃপক্ষক পোৱালিটো উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰিছিল ৷

পাঞ্জাৱ ৱাইল্ডলাইফক প্ৰশ্ন কৰে , ‘ আপোনালোকে সিংহৰ পোৱালিক অনুষ্ঠানবোৰত ভাড়া দিবলৈ অনুমতি দিয়ে নেকি ? এই ষ্টুডিঅৰ থকা সিংহৰ পোৱালিটোক শীঘ্ৰে উদ্ধাৰ কৰক ৷” চেভ দি ৱাইল্ডে তেঁওলোকৰ পোষ্টৰ কেপশ্যনটোত লিখিছিল ৷

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment