এইখন দেশতে সংঘটিত হৈছে এক বীভৎস ঘটনা ৷
মানুহক আখ্যা দিয়া হয় জীৱশ্ৰেষ্ঠ হিচাপে ৷
কিন্ত জীৱশ্ৰেষ্ঠ মানুহেই কেতিয়াবা এনেকুৱা বীভৎস ঘটনা সংঘটিত কৰে ৷
শিহৰিত কৰি তোলা জঘন্য এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ ৰাজপথত ৷
মুম্বাইৰ এজন পাচলি বিক্ৰেতাই কৰিছে এই কাণ্ড।
পদপথৰ কুকুৰক খাদ্যৰ লোভ দেখুৱাই যৌন নিৰ্যাতন চলাইছে আহমেদ শ্বাহী নামৰ ৬০ বছৰ বয়সৰ এজন বৃদ্ধই ৷
জানিব পৰা মতে এইজন আহমেদ শ্বাহীয়ে বৰ্তমানলৈকে পদপথৰ ৩০ টা কুকুৰক ধৰ্ষণ কৰিছে ৷
শেহতীয়াকৈ মুম্বাই পশু সুৰক্ষা সংগঠনৰ এটা দলে গোপন সূত্ৰৰ দ্বাৰা খবৰ পাই লোকজনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল ৷
অভিযান চলাই আহমেদৰ এই কুকৰ্মৰ ভিডিঅ’ কৰিছিল ৷
ইয়াৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনাৱলী ৷ বৰ্তমান আহমেদ শ্বৰীফক ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ তথা ৪২৯ নং ধাৰৰ ভিত্তিত আটক কৰা হৈছে ৷