অসমত ,প্ৰথম পৰ্যায়ৰ নির্বাচনত অংশগ্ৰহণ কৰা ১৬শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধ জনিত কাৰণত বিভিন্ন গোচৰ ৰুজু হৈ আছে ।
এছোচিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ )ৰে এটা প্ৰতিবেদনৰ যোগেদি দাবী কৰিছে এই কথা ।এডিআৰে ২৬৪ ত ২৫৯ জন প্ৰাৰ্থীৰ শপতনামা পৰীক্ষা কৰাৰ পিছত এই কথা সন্মুখলৈ আহে ।
এডিআৰৰ এক বিশেষ প্ৰতিবেদন অনুসৰি ,২৫৯ জনৰ ভিতৰত ৪১জন প্ৰাৰ্থীয়ে(১৬%) তেওঁলোকৰ বিৰুদ্ধে অপৰাধী গোচৰ পঞ্জীয়ন হৈ থকাৰ প্ৰতিবেদন দিছে । অন্যহাতে ৩৪জন প্ৰাৰ্থীয়ে কৈছে যে তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অপৰাধী গোচৰ ৰুজু হৈ আছে ।
প্ৰতিবেদন অনুসৰি ২৫৯জনৰ ভিতৰত ১০১ জন প্ৰাৰ্থী কোটিপতি ।ইয়াৰ উপৰিও ৩৭শতাংশ অৰ্থাৎ ৯৭ জন প্ৰাৰ্থী ৫ম মানৰ পৰা ১২ মান শ্ৰেণীলৈ অধ্যয়ন কৰিছে লগতে ১৫৭জন প্ৰাৰ্থী স্নাতক ।চাৰিজন প্ৰাৰ্থীৰ আছে বিভিন্ন বিষয়ৰ ওপৰত ডিপ্লমা ডিগ্ৰী আৰু এজন প্ৰাৰ্থী নিৰক্ষৰ ।