ৰঙা চীনৰ ভেকচিন লৈ কভিড পজিটিভ হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী।
টুইটাৰ যোগে এই কথা সদৰী কৰে প্ৰধানমন্ত্ৰীৰ সহায়ক ফইজল চুলতানে ।
বৰ্তমান আইচ’লেচনত থকা বুলি জনায় সহায়ক গৰাকীয়ে ।
৬৭ বছৰীয়া প্ৰধানমন্ত্ৰী গৰাকী গ্ৰহণ কৰিছিল কভিড ভেকচিন ।
চীনৰ চীনাফাৰ্ম ভেকচিন গ্ৰহণ কৰাৰ পাছতেই অসুস্থ হৈ পৰে প্ৰধানমন্ত্ৰী গৰাক ।
পাকিস্তানত বৰ্তমান ৬ লাখতকৈ অধিক লোক কৰনাত আক্ৰান্ত হৈছে ।
এই পৰ্যন্ত ক’ভিডৰ ফলত ১৩ হাজাৰতকৈ অধিক লোক মৃত্যুমুখত পৰিছে ।