মদ্যপান কৰা লোকৰ বয়সৰ সীমা হ্ৰাস কৰিছে দিল্লী চৰকাৰে

মদ্যপান স্বাস্থ্যৰ পক্ষে হানিকাৰক লগতে আইনগতভাবে মদ্যপান কৰা লোকৰ বয়স ২১ বছৰতকৈ উৰ্ধৰ হ’ব লাগিব ।কিন্তু,আইনগতভাবে দিল্লী চৰকাৰে মদ্যপানৰ বয়সৰ সীমা হ্ৰাস কৰিছে ।

পূৰ্বে দেশৰ ৰাজধানীখনত ২৫ বছৰৰ তলত কোনোৱে মদ্যপান কৰিব নোৱাৰিব লগতে ক্ৰয় কৰাটো বাধা আৰোপ কৰিছিল দিল্লী চৰকাৰে । কিন্তু বৰ্তমান এই বয়সৰ সীমা ২১বছৰলৈ হ্ৰাস কৰিছে দিল্লী চৰকাৰে ।নতুন এক্সাইজ নীতিৰ পাছৰে পৰা দিল্লী চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই এখন সংবাদমেল সম্বোধন কৰি সদৰি কৰি এই নতুন নীতিৰ কথা ।লগতে তেওঁ জনায় যে দিল্লীত যিমানবোৰ মদৰ দোকান চলি আছে তাত চৰকাৰৰ দায়িত্ব নাই ,তাৰোপৰি যি সমূহ বিপনীৰ লাইচেঞ্চ
নাই তেনেবোৰ বিপনীৰ বন্ধ কৰি দিয়া হ’ব বুলি জনায় ।


বৰ্তমান দিল্লীত মদৰ দোকানৰ ৬০শতাংশ চৰকাৰে পৰিচালনা কৰে ।এই ক্ষেত্ৰত এক পৰিপক্ক আৰু সুস্থ সমাজৰ হকে নিয়ন্ত্ৰণ অনাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ।এক্সাইজ নীতি অনুসৰি দেশৰ ৰাজধানীত মদৰ দোকান আৰু খুলিব দিয়া নহব ।সেইদৰে চৰকাৰে কোনো দোকান পৰিচালনা কৰাৰ দায়িত্ব বহন নকৰে ।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment