১২টাকৈ যুজাঁৰু বিমান অন্তৰ্ভুক্ত হব ভাৰতীয় বায়ুসেনাত

১২টাকৈ যুজাঁৰু বিমান লৈ সাজু হৈছে ভাৰতীয় সেনা।চীন আৰু পাকিস্তানৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে উত্তেজনা অব্যাহত থকাৰ মাজতে ভাৰত চৰকাৰে দেশৰ সেনাক অধিক শক্তিশালী কৰি তুলিবলৈ ব্যস্ত হৈ আছে।অতিশীঘ্ৰেই ভাৰতীয় বায়ুসেনাৰ শক্তি অধিক বৃদ্ধি হব।

পৰৱৰ্তী চাৰিদিনত অম্বালাত অৱতৰণ কৰিব তিনিটা ফাইটাৰ বিমান ৰাফেল।লগতে এপ্ৰিলৰ মাজভাগত ফ্ৰান্সৰ পৰা নটাকৈ ৰাফেল যুদ্ধ বিমান ভাৰতলৈ আহিব।ফ্ৰান্স আৰু ভাৰতীয় কূটনীতিবিদ সকলে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাফেল তিনিটা আনিবলৈ ইতিমধ্যে ভাৰতীয় বায়ুসেনাৰ এটা দল উপস্থিত হৈছে ফ্ৰান্সত ।

এই তিনিটা ফাইটাৰ বিমানৰ ভাৰতত উৰণ ঘটিব ৩০ বা ৩১মাৰ্চত।ভাৰত চৰকাৰে ২০১৬ চনৰ ছেপ্তেম্বৰত ফ্ৰান্স চৰকাৰৰ সৈতে ৩৬টা ৰাফেল ফাইটাৰ বিমান ক্ৰয় কৰিবলৈ ৫৯,০০০কোটি টকাৰ প্ৰতিৰক্ষা চুক্তি কৰিছিল।ফৰাচী কোম্পানী ডাৱে এভিয়েচনৰ পৰা পাঁচটা ৰাফেল বিমানৰ প্ৰথম আৰ্হি ভাৰতত উপস্থিত হৈছিল ।ৰাফেল হৈছে শেহতীয়া অস্ত্ৰ আৰু উচ্চতৰ চেন্সৰ সৈতে সজ্জিত এখন যুদ্ধ বিমান ।

আই এ এফৰ অম্বলত থকা গোল্ডেন এৰো স্কোৱাড্ৰনে ২০২০ৰ জুলাইৰ পৰা ২০২১ৰ জানুৱাৰীলৈকে ১১টা ৰাফেল ফাইটাৰ বিমান বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছে।এই ৰাফেল কেইটা তৈয়াৰ কৰা হৈছিল লাদাখ সীমান্তত।২০২০চনৰ মে’ মাহৰ আৰম্ভনিৰ পৰা চীনৰ সৈতে হোৱা সীমা বিবাদক লৈ সতৰ্ক হৈ আছে ভাৰতীয় সেনা।

Comments (0)
Add Comment