অসমবাসীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে অসম সন্তান ৰাজেন দাসে ৷
বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত বিশেষ অসমীয়া ছবিখনে অসমীয়া চলচ্চিত্ৰ জগতখনত আৰু এখোজ আগুৱাই নিয়াৰ আশাত গৰ্বিত এতিয়া অসমবাসী ৷
পুনে নেচনেল ফিল্ম আৰ্কাইভ অৱ ইণ্ডিয়াত অনুষ্ঠিত পঞ্চম বাৰ্ষিক ‘গ্ৰেট মেছেজ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল’ চমুকৈ জি এম আই এফ এফত সন্মানিত হ’ল অসমৰ বিলুপ্তপ্ৰায় লোকশিল্প পুতলানাচৰ ওপৰত নিৰ্মাণ কৰা জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ‘লাইফ ইনএ পাপেট’ ৷
‘লাইফ ইন এ পাপেট’ ৰ পৰিচালক , ৰাজেন দাসে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰি পুনৰ অসমলৈ সন্মান আনিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যোগ্য যে এই চলচ্চিত্ৰ মহোৎসৱত বিদেশী ভাষাত নিৰ্মিত বহুকেইখন চলচ্চিত্ৰই অংশগ্ৰহণ কৰিছিল ৷
সন্মানীয় জুৰি মণ্ডলীয়ে জি এম আই এফ এফ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালনাৰ বঁটা পুতলা নাচৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা বিশিষ্ট পৰিচালক গৰাকীলৈ প্ৰদান কৰাত উৎফুল্লিত অসমবাসী ৷
লাহে লাহে হেৰাই যাব খোজা পুতলা নাচৰ লগতে ইয়াৰে জড়িত শিল্পীৰ বেদনাদায়ক জীৱনগাঁথাৰ মূল বিষয়বস্তু হিচাপে নিৰ্মাতা কৰা হৈছে “লাইফ ইন এ পাপেট ” ৷