নৈপৰীয়া লোকসকলৰ জীৱনলৈ নামি আহিছে অশনি সংকেত ৷
জলচৰ জীৱৰ ক্ষেত্ৰতো যেন আতংকময় পৰিস্থিতি ৷
কিয়নো পুনৰ ঘোলা হৈছে মহাবাহুৰ পানী ৷
অস্বাভাৱিকভাৱেই বিগত কিছু দিনৰ পৰা ক’লা হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ পানী ৷
ৰাসায়নিক দ্ৰব্য মিহলিসদৃশ পানীৰ বাবে ভাবুকি নামি আহিছে জীৱকুলৰ লগতে নৈপৰীয়া লোকসকললৈ ৷
আশ্চৰ্যজনকভাৱে ব্যৱহাৰৰ অনুপযোগী , অস্বাস্থ্যকৰ , দূষিত হৈ পৰাটোৱে সকলোকে সচকিত কৰি তুলিছে ৷
উল্লেখনীয় কথাটো হ’ল যে ব্ৰহ্মপুত্ৰৰ ঘোলা পানী খাই ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে গৰু , ম’হ , মাছ , কাছৰ লগতে বহুতো জীৱ ৷
এনে হোৱাৰ পাছতেই সাম্প্ৰতিক চীনৰ ভূমিকাক লৈ সন্দেহৰ চকু পৰিছে প্ৰকৃতিপ্ৰেমীৰ লগতে হাজাৰ নৈপৰীয়া ৰাইজৰ ৷
যিহেতু যোৱা কেইবাটাও বছৰ ধৰি ব্ৰহ্মপুত্ৰ তথা চিয়াং নদীৰ সোঁত সলনি কৰিবলৈ চক্ৰান্ত অব্যাহত ৰাখিছে ড্ৰেগনৰ দেশ ৰঙা চীনে ৷
চিয়াং বা ব্ৰহ্মপুত্ৰ নদীক উৎসতে বা চীনৰ ভিন্ন প্ৰান্তত নদীবান্ধ নিৰ্মাণ কৰি ভেটা দিবলৈ চেষ্টা অব্যাহত ৰখা বুলিও ৰাষ্ট্ৰীয় , আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা তথা বিতৰ্ক অব্যাহত আছে ৷
ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ৷
চিয়াং নদীৰ পানী সংৰক্ষণেৰে বৃহৎ সুৰংগ নিৰ্মাণ কৰি মৰুভূমি জীপাল কৰাৰ আঁচনি লোৱাৰ কথা সময়ে সময়ে যিহেতু সংবাদমাধ্যমত প্ৰকাশ হৈ থাকে , সেয়ে ব্ৰহ্মপুত্ৰ আৰু চিয়াঙৰ পানী অপৰিষ্কাৰ , প্ৰদূষিত হোৱাত চীনলৈ সন্দেহৰ চকু পৰাতো স্বাভাৱিক ৷
বিগত বৰ্ষৰ বাৰিষাৰ সময়ত চাংপো নৈৰ গতিপথত প্ৰাকৃতিকভাৱে সৃষ্টি হোবা হ্ৰদৰ পাৰ ভাঙি অসমত মহাপ্ৰলয় হোৱাৰ আশংকা কৰা হৈছিল ৷
অৰুণাচলেদি প্ৰৱাহিত ব্ৰহ্মপুত্ৰ , চিয়াঙৰ পানী একেলগে ঘোলা হোৱাত সচেতন মহল আশংকিত হৈ পৰিছে যে চীনত প্ৰৱাহিত অংশটোত অঘটনৰ সংকেত দিছে নেকি !