ক’ৰোনা মহামাৰীয়ে আকৌ এবাৰ সমগ্ৰ দেশত বেয়াকৈ প্ৰভাৱ পেলাইছে। এই ভাইৰাছৰ কৱলত সাধাৰণ ৰাইজৰ লগতে বহুতো বলিউড তাৰকা আৰু ৰাজনৈতিক নেতাৰ নাম সন্নিবিষ্ট হৈছে ।তথ্য অনুসৰি এই পৰ্যন্ত কাৰ্তিক আৰিয়ান, ৰণবীৰ কাপুৰ, আলিয়া ভট্ট, সঞ্জয় লীলা ভন্সালী, আশীষ ছাত্ৰ আৰু সতীশ কৌশিকৰ পিছত, বলিউড চলচ্চিত্ৰ উদ্যোগৰ সুদক্ষ অভিনেতা অক্ষয় কুমাৰ ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে ।
এই ঘটনাই সমগ্ৰ দেশৰ জনতাক শংকিত কৰি তুলিছে যদিও একাংশ ৰাজনৈতিক নেতাই বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ বাবে এই সংক্ৰমণৰ তালিকাক গাপ দিয়াৰ চেষ্টা চলাইছে ।
অক্ষয় কুমাৰে তেওঁৰ ছচিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে এই তথ্য প্ৰদান কৰিছে। কৰোনা পজিটিভ হোৱাৰ পিছত, অক্ষয় কুমাৰে কোবিড-১৯ প্ৰটকল অনুসৰণ কৰি নিজকে অন্য লোকৰ পৰা নিজকে আঁতৰাই ৰখাৰ উপৰিও সংক্ৰমণৰ পৰা দূৰৈত ৰাখিছে নিজৰ পৰিয়ালৰকো ।