ফোনকলত ব্যস্ত নাৰ্চ,মহিলাক দিলে দুবাৰকৈ ভেকচিন,তাৰপাছত ঘটিল এয়া

উত্তৰ প্ৰদেশৰ কানপুৰৰ ডেহাটৰ এখন চৰকাৰী হাস্পতালত সংঘটিত হৈছে অঘটন।

তথ্য অনুসৰি চৰকাৰী হাস্পতালত ক’ভিড ভেকচিন লবলৈ যোৱা এগৰাকী মহিলাক এবাৰতে ক’ভিড ভেকচিনৰ দুটা ডোজ দিয়ে নাৰ্ছে।

এই ঘটনাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

সাধাৰণতে এজন লোকে ভেকচিনৰ প্ৰথমটো ডোজ লোৱাৰ কেইসপ্তাহমানৰ পিছতহে দ্বিতীয়টো ডোজ ল’ব লাগে।

কিন্তু এগৰাকী মহিলাক এবাৰতে দুটাকৈ ডোজ দিয়া ঘটনাটোৱে সকলোকে আচৰিত কৰি তুলিছে।

ভেকচিন দিয়া নাৰ্চগৰাকীৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হয়।

অভিযোগ অনুসৰি নাৰ্ছগৰাকী ফোনকলত ইমানেই মছগুল হৈ আছিল যে তেওঁ সকলো পাহৰি যায় আৰু মহিলাগৰাকীক এবাৰতে ভেকচিনৰ দুয়োটা ডোজ দিয়ে।

শনিবাৰে এই ঘটনা সংঘটিত হয়।

আকবৰপুৰ প্ৰাথমিক স্বাস্থ কেন্দ্ৰৰ নাৰ্ছগৰাকীক দুটা ডোজ এবাৰতে কিয় দিয়ে বুলি প্ৰশ্ন কৰাত নাৰ্ছগৰাকীয়ে ক্ষমা খোজাৰ সলনি গালি পাৰি পঠিয়াই দিয়ে।

এতিয়া এই কথাটোক লৈ ব্যাপক চৰ্চা হৈছে আৰু জিলা প্ৰশাসনে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে।

ভেকচিনৰ দুটা ডোজ পাই মহিলাগৰাকীক হাত কঁপিবলৈ ধৰা বুলি জানিব পৰা গৈছে।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment