গুজৰাট কোভিড-19স্পাইকৰ পৰিপ্ৰেক্ষিতত চিকিৎসাৰ বাবে যাৱতীয় সা-সৰঞ্জামৰ কম সময়ত অধিক পৰিমাণে ব্যৱহাৰ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছিল।
কিন্তু চুৰাট জিলাৰ এখন চিকিৎসালয়লৈ আৱৰ্জনা কঢ়িওৱা ট্ৰাকত ৩৪টাকৈ ভেণ্টিলেটৰ যন্ত্ৰ লৈ যোৱা ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।গুজৰাটত ভেণ্টিলেটৰৰ অভাৱ দেখিবলৈ পোৱা গৈছিল কিয়নো ৰাজ্যখনে যোৱা সোমবাৰে প্ৰায় ৩০০০ৰো অধিক কৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ খবৰ পোৱা গৈছে।
ভালচাদ সংগ্ৰাহক ৰাৱালে কৈছে যে চুৰাট পৌৰ নিগমৰ দ্ধাৰা প্ৰেৰণ কৰা বাহন খনতে ভেণ্টিলেটৰ সমূহ লৈ অহাৰ খবৰ পাইছিল।ইয়াৰ পিছতে বিষয়টোৰ ওপৰত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।গুজৰাটত দৈনিক কোভিড-১৯ যোগে সংক্ৰমণ হোৱা লোক যোৱা ২৪ঘণ্টাত প্ৰায় ৩,১৬০ লোকলৈ বৃদ্ধি পাইছে ।
যাৰ ফলত ৰাজ্যখনত বৰ্তমানলৈ ৩,২১,৫৯৮ জনলৈ বৃদ্ধি পাইছে।ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা বৰ্তমান ১৬,২৫২।”আহমেদাবাদত ৭৭৩টা নতুনকৈ ,চুৰাটত ৬০৩টা ,ৰাজকোটত ২৮৩ টা ,বদোদৰাত ২১৬টা নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ তথ্য পোহৰলৈ আহিছে লগতে চুৰাটত সাতজন ,আহমেদাবাদত ছয়জন আৰু ভাৱনগৰ আৰু বদোদৰাত এজনকৈ ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।