অহা ৯এপ্ৰিলৰ পৰা আৰম্ভ হব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ।
২০০৮চনৰ পৰা BCCI য়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPL অনুষ্ঠিত কৰে।IPL ৰ এটা শক্তিশালী টীম হৈছে মুম্বাই ইণ্ডিয়ানছ।মুম্বাই ইণ্ডিয়ানছত ভাৰতীয় দলৰ অ’পেনাৰ ৰোহিত শৰ্মা ,হাৰ্দিক পাণ্ডিয়া,জসপ্ৰীত বুমৰাহৰ লগতে বহু নামী দামী খেলুৱৈ আছে এই টীমটোত।
টীমটোত নতুনকৈ যোগদান কৰা ২১বছৰীয়া লেগ স্পিনাৰ ৰাহুল চাহাৰে অতি কম সময়ৰ ভিতৰতে বহুদূৰ আগবাঢ়িছে।
মুম্বাই ফ্ৰেঞ্চাইজিৰ দ্ধাৰা ২০১৮চনৰ আই পি এল খেলুৱৈৰ নিলামত ১.৯০কোটি টকাত ক্ৰয় কৰা ৰাহুল চাহাৰে বিগত বৰ্ষত (২০২০)এক আকৰ্ষণীয় চিজন অতিবাহিত কৰিছিল ,যিয়ে ১৫খন মেচত ১৫টা উইকেট দখল কৰিছিল।ৰাহুলে ইতিমধ্যে মুম্বাই ইণ্ডিয়ানছৰ দুটা খিতাপ জয়ৰ অংশ হৈ আছে-২০১৯ আৰু ২০২০ মুঠ পাঁচটাৰ ভিতৰত।
২১ বছৰীয়া লেগ স্পিনাৰ জন নিশ্চিত যে দলটোৰ অধিনায়ক ৰোহিত শৰ্মাই শুক্ৰবাৰে (৯ এপ্ৰিল) আৰম্ভ হবলগীয়া আই পি এলৰ চৰ্তুদশ সংস্কৰণত ছয়টা শিৰোনাম অৰ্জন কৰিব।
ৰোহিত শৰ্মাই ইতিমধ্যে মুম্বাই ইণ্ডিয়ানছক পাঁচটা খিতাপ জয়ৰ দিশে লৈ গৈছে-২০১৩,২০১৫,২০১৭,২০১৯ আৰু ২০২০।
TIMES OF INDIAৰ এক বিশেষ সাক্ষাৎকাৰত ৰাহুল চাহাৰে কয় যে মুম্বাই ইণ্ডিয়ানছে এইবাৰো তেওঁলোকৰ ষষ্ঠ খিতাপ অৰ্জন কৰিব ।
আমাৰ ওচৰত সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষণকাৰী আছে।
দলটোৰ খেলুৱৈ সকলে যিধৰণে প্ৰদৰ্শন কৰি আছে আৰু ফৰ্মত আছে ,বিশেষকৈ ৰোহিত শৰ্মা,হাৰ্দিক পাণ্ডিয়া,ক্ৰুণাল পাণ্ডিয়া ,জসপ্ৰীত বুমৰাহ ,ঈশান-কিষাণ ৰ লগতে আন আন খেলুৱৈ সকলে দলটো অধিক শক্তিশালী কৰি তুলিছে।
ৰোহিত শৰ্মাই এইবাৰো ছয়টা খিতাপ দলটোৰ নাম কৰিব বুলি নিশ্চিত লেগ স্পিনাৰ জন।