চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতা

এইবাৰ চুৰিৰ ৰোষত পৰিছে মুম্বাইৰ এগৰাকী অভিনেতা ৷

জনপ্ৰিয় ধাৰাবাহিক ‘তাৰক মেহতা কা উল্টা চশমা’ ৰ অভিনেতা মিৰাজ বল্লভ দাস কাপৰিক গ্ৰেপ্তাৰ কৰা হৈছে চুৰিৰ অভিযোগত।

বৰ্তমান মুম্বাই আৰক্ষীৰ জিম্মাত অভিনেতাগৰাকী ৷ দীৰ্ঘদিন ধৰি আৰ্থিক অনাটনৰ সন্মুখীন হৈ আছিল অভিনেতাজন ৷

জুৱা খেলৰ প্ৰতি দিনে দিনে আকৃষ্ট হৈ পৰিছিল মুম্বাইৰ কৌতুক অভিনেতাজন ৷

টকাৰ অভাৱ আঁতৰাবলৈ এটা সময়ত বিভিন্নজনৰ পৰা ধাৰ ল’বলৈ আৰম্ভ কৰিছিল অভিনেতাজনে ৷

কাবুলিৱালাৰ পৰাও সূতত ধাৰ লোৱা আৰম্ভ কৰিছিল মিৰাজে শেহতীয়াভাৱে বৈভৱ বাবু যাদৱ নামৰ এজনৰ সৈতে মুম্বাইত মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়া ঘটনাটো জড়িত হৈ পৰে ৷

ইয়াৰ পাছতে কিছুদিনৰ পৰা আৰক্ষীয়ে বিচাৰি আছিল মিৰাজক ৷

অৱশেষত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কৌতুক অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰে ৷

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment