মাটি খান্দোতে ওলাল সোণৰ গহনাভৰ্তি কলহ!

তেলেংগানাৰ জলগাঁও অঞ্চলত এজন লোকে মাটি খান্দোতে ওলাই পৰে সোণৰ গহনা ভৰ্তি এটা কলহ। তথ্যমতে গাঁওখনৰ এজন খেতিয়কে ৱাৰাংগল-হায়দৰাবাদ ৰাষ্ট্ৰীয় পথৰ সমীপত প্ৰায় ১১ হেক্টৰ ভূমিখণ্ড সমান কৰাৰ কাম আৰম্ভ কৰিছিল অলপতে।

কিন্তু আচৰিত যে মাটি খান্দোতে এসময়ত এটা ধাতৱ শব্দ তেওঁৰ কাণত পৰে। লগে লগে কৌতুহলী খেতিয়কজনে উক্ত স্থানৰ পৰা ওলোৱা শব্দৰ উৎস বিচাৰি অধিক গভীৰতাৰে মাটিডোখৰ খান্দিবলৈ আৰম্ভ কৰে।এটা সময়ত ওলায় পৰে সোণৰ গহনাৰে ভৰ্তি এটা তামৰ কলহ।

ইকাণে-সিকাণে খবৰটো বাগৰি পৰিল জিলা প্ৰশাসনৰ ওচৰত। এনে অৱস্থাত জিলা উপায়ুক্তই স্বৰ্ণ গহনাৰে পৰিপূৰ্ণ কলহটো লোকজনৰ পৰা জব্দ কৰি ৱাৰাংগল জিলা কোষাগাৰত ৰখাৰ ব্যৱস্থা কৰে। উদ্ধাৰ হোৱা এই গহনাখিনি কোন সময়ৰ তাকে লৈ এতিয়া পূৰাতত্ত্ব বিভাগে অধ্যয়ন চলাই আছে।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment