ক’ৰনা সংক্ৰমণৰ বাবে আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত

ক’ৰনাৰ বৰ্ধিত ঘটনা আৰু আইপিএলত ক’ৰনা সংক্ৰমণৰ প্ৰৱেশৰ পিছত প্ৰতিযোগিতাখন পিছুৱাই দিবলৈ বাধ্য হৈছে । সংবাদ সংস্থা এএনআইৰ মতে, বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কয় যে গোটেই ছিজনৰ বাবে আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

ইতিমধ্যে বহু কেইজন খেলুৱৈ ক’ৰনা ভাইৰাছৰ কৱলত পৰি পজিটিভ হোৱা পৰিলক্ষিত হৈছে সেইবাবে এই সিদ্ধান্ত লৈছে বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই।

ক’ৰনা সংক্ৰমণৰ বাবে সোমবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছৰ মাজত হবলগীয়া আই পি এল খেলখন অনুষ্ঠিত নহল । ইয়াৰ পাছতে বুধবাৰে ৰাতিপুৱাৰ খেলখন পিছুৱাই দিয়াৰ বাতৰি পোৱা গৈছিল।

উক্ত খেলখন চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল।

অৱশ্যে, চিএছকেৰ প্ৰশিক্ষক লক্ষ্মীমতী বালাজীৰ ক’ৰনা প্ৰতিবেদন অনুসৰি ক’ৰনা পজিটিভ বুলি ধৰা পৰিছে।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ ঋদ্ধিমান সাহাৰ ক’ভিড-১৯ ৰ পৰীক্ষাৰ পাছত ক’ভিড পজিটিভ বুলি ধৰা পৰিছে ।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment