মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ দপ্তৰ লাভ কৰা মন্ত্ৰীৰ ঘোষণা হ’ল চূড়ান্ত তালিকা।
নতুন মন্ত্ৰীসভাৰ কোনে কি দপ্তৰ লাভ কৰিলে তাৰ চূড়ান্ত তালিকা তলত উল্লেখ কৰা হ’ল :
- হিমন্ত বিশ্ব শৰ্মা : গৃহ, কৰ্মচাৰী বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু অন্যান্য
- ৰঞ্জিত দাস : খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কনজিউমাৰ এফেয়াৰ্ছ
- অতুল বৰা : কৃষি, উদ্যানশস্য,পশুপালন আৰু সীমান্ত অঞ্চল উন্নয়ন দপ্তৰ
- অশোক সিংঘল : গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জলসিঞ্চন
- ইউ জি ব্ৰহ্ম : ভৈয়াম জনজাতি উন্নয়ন (বিটিচি), হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ
- বিমল বৰা : ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্য্যটন।
- কেশৱ মহন্ত : স্বাস্থ্য ও পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি
- ডাঃ ৰণোজ পেগু : শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন (বিটিচিৰ বাহিৰৰ)
- সঞ্জয় কিষাণ : শ্ৰম উন্নয়ন, চাহ জনজাতি উন্নয়ন
- যোগেন মহন : ৰাজহ আৰু দুৰ্য্যোগ প্ৰশমন, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ সম্পদ।
- অজন্তা নেওগ : সমাজ কল্যাণ আৰু বিত্ত বিভাগ
- পীয়ূষ হাজৰিকা : জলসম্পদ, তথ্য আৰু জনসসংযোগ, সংসদীয় পৰিক্ৰমা
- পৰিমল শুক্লবৈদ্য : বন আৰু পৰিবেশ, আবকাৰী, মীন পালন
- চন্দ্ৰমোহন পাটোৱাৰী : পৰিবহণ, উদ্যোগ-বাণিজ্য, দক্ষতা বিকাশ, সংখ্যালঘু উন্নয়ন
আজি সন্ধিয়া ৬ বজাত উপৰোক্ত মন্ত্ৰীসকলক লৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব।