অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ মন্ত্ৰীসভা গঠনৰ পাছতেই আজি জাৰি কৰা হৈছে নতুন নিয়মাৱলী ।
এই নিৰ্দেশনাৱলী সমূহ ১৩মে ২০১৩ তাৰিখৰ পৰা পুনৰ নিৰ্দেশ নিদিয়া পর্যন্ত বাহাল থাকিব ।নিয়ম ভংগ কৰা লোকৰ প্ৰতি কঠোৰ হবলৈ আদেশ প্ৰদান কৰিলে
অসম আৰক্ষীৰ বৰ্তমানৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।
নিয়মাৱলীসমূহ তলত উল্লেখ কৰা হ’ল –
১/চহৰ অঞ্চলত নগৰ সমিতিৰ পৰা ৫কি:মি অঞ্চললৈকে সকলো দোকান-পোহাৰ দিনৰ ১বজাত বন্ধ কৰিব লাগিব ।এই অঞ্চল সমূহত দিনৰ ২বজাৰ পৰা পুৱা ৫বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা-ফুৰা বন্ধ নিষেধ ।
২/গ্ৰাম্য অঞ্চলত দিনৰ ২ বজালৈকে দোকান পোহাৰ খুলিব পাৰিব ।
এই অঞ্চলসমূহত সন্ধ্যা ৬বজাৰ পৰা পুৱা ৫বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা-ফুৰা বন্ধ নিষেধ ।
৩/ৰেষ্টুৰেণ্ট ,ধাবা আৰু অন্যান্য ভোজনালয়ে কেৱল আবেলি ১বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা-ফুৰা নিষেধ ।
৩/ৰেষ্টুৰেণ্ট ,ধাবা আৰু অন্যান্য ভোজনালৱে কেৱল আবেলি ১বজালৈকে নিজৰ চৌহদৰ ভিতৰত বাহিৰা অতিথিৰ
সেৱা কৰিব পাৰিব ।ইয়াৰ পিছত হোটেলৰ অবাসী সকলক নিজৰ কোঠাত খাদ্যৰ যোগান ধৰিব পাৰিব ।আবেলি ১-বজাৰ পিছত খাদ্যৰ ঘৰুৱা বিতৰণসহ কঢ়িয়াই নিব পাৰিব ।
৪/সকলো সাপ্তাহিক বজাৰ ১৫দিনৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ থাকিব ।
৫/সকলো শিক্ষা প্ৰতিষ্ঠানত শ্ৰেণীসমূহ অহা ১৫ দিনলৈ বন্ধ থাকিব।
৬/চৰকাৰী-বেচৰকাৰী কাৰ্য্যলয় অহা ১৫দিনলৈ বন্ধ থাকিব ।
৭/ চৰকাৰী বাহনৰ বাহিৰে সকলো ব্যক্তিগত বাহন যিকোনো দিনত পুৱা ৫বজাৰ পৰা দিনৰ ২বজালৈ যুগ্ম অযুগ্ম হিচাবত চলাব পাৰিব ।এই ব্যৱস্থা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰ্দেশ জাৰি কৰিব ।কেৱল জৰুৰী কালীন চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ব্যক্তিগত বাহনক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব ।
৮/ আবেলি ২বজাৰ পৰা পুৱা ৫বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলা ফুৰা সম্পূৰ্ণ বন্ধ থাকিব ।কেৱল ইতিপূৰ্বে জাৰি কৰা ৰেহাই সমূহ (vide order No.ASDMA.28/2021/74 dated 4th may 2021) প্ৰযোজ্য হ’ব ।
৯/যিবিলাক বিষয় বা অঞ্চল এই নিৰ্দেশনাই সামৰি লোৱা নাই সেই সমূহত ইতিপূৰ্বে জাৰি কৰা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (vide order No.ASDMA .28/2021/74 dated 4th May 2021 নিৰ্দেশনা প্ৰযোজ্য হ’ব ।