সমগ্ৰ অসমৰ লগতে দৰংবাসীলৈ এক সুখবৰ কঢ়িয়াই আনিছে অভিনেতা দ্বীপজ্যোতি কলিতাই ।নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ অভিনেতাৰ দৌৰত পোনপ্ৰথমবাৰৰ বাবে মনোনয়ন লাভ কৰিছে অসমৰ সন্তানে । ‘বৰষুণ ছবিত দুৰ্দান্ত অভিনয়ৰ বাবে মঙলদৈৰ দ্বীপজ্যোতি কলিতাই শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰিছে ।
দ্বীপজ্যোতি কলিতাই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিমৰ পৰা ডিপ্লমা লাভ কৰি অপেছাদাৰী নাট্য জগতৰ সমান্তৰালকৈ টেলিভিছন পৰ্দাত কেইবাখনো ধাৰাবাহিকত অভিনয় কৰি নিজকে প্ৰতিস্থিত কৰিছে । জাগ্ৰত সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে বিভিন্ন স্থানৰ বহু নপ্ৰতিভাক অভিনয় জগতখনৰ সৈতে চিনাকি কৰাই দিয়াত যথেষ্ট সহায় কৰিছে । দ্বীপজ্যোতি কলিতাৰ সৈতে হৰিশ খান্না ,সিদ্ধাৰ্থ মেনন তন্ময় ধননিয়া আৰু বিকাশ কুমাৰেও শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰিছে ।