ভাৰতৰ প্ৰথমটো Anti-Covid আনুষ্ঠানিকভাৱে মুকলি

দেশবাসীৰ বাবে এক সুখবৰ, আজি ক’ভিড-19 সংক্ৰমণৰ চিকিৎসাৰ বাবে ভাৰতৰ প্ৰথমটো Anti-Covid ঔষধ 2-deoxy-D-glucose প্ৰথমটো পেকেট আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ এই দৰৱ ক’ভিড আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত এক সহায়ক চিকিৎসা হিচাবে জৰুৰীকালীন ভাৱে ব্যৱহাৰ কৰিব পাৰিব ৷

হায়দৰাবাদস্থিত ড৹ ৰেড্ডীৰ গৱেষণাগাৰ (DRL) আৰু প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (DRDO)ৰ দ্বাৰা যুটীয়াভাৱে বিকশিত এই ঔষধবিধক দেশৰ শীৰ্ষ ঔষধ নিয়ন্ত্ৰকে কোভিড-19 ৰোগীসকলৰ মাজত জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমতি দিছে।

2-Deoxy-D-glucose হৈছে গ্লুকজৰে পৰিবৰ্তিত ৰূপ আৰু ঔষধটো সংক্ৰমিত কোষত জমা হয়, ভাইৰেল সংশ্লেষণ আৰু শক্তি উৎপাদন বন্ধ কৰি ভাইৰাছৰ বিকাশ প্ৰতিহত কৰে।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment