মুখ্যমন্ত্ৰীলৈ সত্যৰঞ্জনৰ আহ্বান ,ক’ৰোনা ৰোগী চাব দিয়ক মোক ।

মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় সমীপেষু

কৰোণাত আক্ৰান্ত ৰোগীক সেৱা কৰিবলৈ আমি ইচ্ছুক :: যদি মহোদয়ে উচিত বিবেচনা কৰে।

আজি পুৱা ভাগত আৰাধনা কৰি থকাৰ সময়ত হঠ্যাতে কথা এটা মনলৈ আহিল।

এই যে কৰোণাত আক্ৰান্ত ৰোগী সকলক ঔষধৰ লগতে সোনকালে সুস্থ হৈ উঠিব পৰাকৈ আৰু কি কৰিব পৰা যায় ??

আজি চৌদিশৰ সামগ্ৰিক পৰিৱেশ দেখি এনেকুৱা অনুভৱ হৈছে যেন সকলোৱে নিজৰ মনৰ ভিতৰত মনৰ লগত যুঁজি আছে। মানসিক ভাবে যেন অস্থিৰ হৈ পৰিছে। তেনে ধৰণৰ মানসিক ভয়-শংখা আৰু অস্থিৰতাৰ বাবেই কৰোণা ৰোগীৰ সংখ্যা বাঢ়িছে নেকি বাৰু ??

কাৰণ, মানসিক দূৰ্বলতাইয়ো আমাৰ Immunity system ক দূৰ্বল কৰিব পাৰে !! কামৰ অতিমাত্ৰা stress, জানি বুজি মিছা কথা কোৱা ইত্যাদি নানান কথাৰে এনেয়ো একো একোজন মানুহ ভাৰাক্লান্ত হৈ থাকে,, অনবৰতে।

গতিকে, এনে পৰিস্থিতিত ইতিমধ্যেই কৰোণা ৰোগত আক্ৰান্ত হোৱা ৰোগী সকলৰ মানসিক স্থিতি সবল কৰিবলৈ কি কৰা যায় ?? #ধ্যান (Meditation) নে অন্য কিবা ধৰণৰ Psychological Counselling ??

Psychological Counselling কৰিবলৈ ডাক্তৰ আছেই। পিচে, দিনটোত গতানুগতিক ভাবে চলি থকাৰ মাজতে; যদি সেই ৰোগী সকলক এক ঘন্টাৰ বাবে হ’লেও ধ্যান মুখী কৰাব পাৰি; তেনেহ’লে তেওঁলোকৰ মানসিক অস্থিৰতা কমিব পাৰে নেকি বাৰু ?? আৰু মানসিক সুস্থিৰতাই তেওঁলোকক সোণকালে সুস্থ হৈ উঠাত সহায় কৰিব নেকি বাৰু??

কাৰণ, মোৰ এনেকুৱা এটা ধাৰণা হৈছে — এই যে হাজাৰ হাজাৰ লোক কৰোণাত মৃত্যু হৈছে — তাৰ কাৰণ হয়তো বহুতৰ ক্ষেত্ৰত Hyper Tension বা Stroke (Heart/Brain), Anxiety বা অন্য কিবা কাৰণো হ’ব পাৰে !!! কিয়নো, কৰোণাত মৃত ৰোগী সকলৰ Post Mortem নহয় বাবেই মৃত্যুৰ অন্য কোনো কাৰণ জনা নাযায়। Post Mortem কৰাতো দূৰৰে কথা কাকো চাবলৈ বা চুবলৈকো দিয়া নহয়। এনে ক্ষেত্ৰত তেনে ৰোগীৰ মৃত্যুৰ অন্য কিবা কাৰণত থাকিলেও হয়তো আমাৰ বাবে জনাতো বহু ক্ষেত্ৰত সম্ভৱ হৈ উঠা নাই। এই বিষয়টো কিন্তু চিকিৎসা বিজ্ঞানৰ এক নতুন গৱেষণাৰ বিষয় হ’ব পাৰে !!

যিকি নহওঁক; এতিয়া মূল কথাতো হ’ল — কৰোণাত আক্ৰান্ত ৰোগী সকলক যদি মানসিক ভাবে সুস্থিৰ কৰি Hyper Tension, Stress বা Anxiety জাতীয় কথাবোৰৰ পৰা সকাহ দিবৰ বাবে #ধ্যানৰ দৰে (দিনটোত এক ঘন্টাৰ বাবে হ’লেও) পন্থা গ্ৰহণ কৰাতো উচিত পদক্ষেপ হ’ব পাৰে বুলি যদি চৰকাৰে বিবেচনা কৰে; তেনেহ’লে আমি অসম চৰকাৰক সম্পূৰ্ণ সহযোগ কৰিবলৈ প্ৰস্তুত।

আমি নিজেই সেই ভুক্তভোগী কৰোণা ৰোগী সকলৰ মাজত থাকি আমাৰ সামান্য জ্ঞানৰ দ্বাৰা ধ্যানৰ অভ্যাস কৰোঁৱাই তেওঁলোকক সামান্যকণ হ’লেও মানসিক হেঁচাৰ পৰা মুক্ত কৰাৰ প্ৰয়াস কৰিব পাৰো। অৱশ্যে, ICU থকা ৰোগী সকলৰ বাবে এইখিনি কাম কৰাতো হয়তো সম্ভৱ নহ’ব; কিন্তু সাধাৰণ ভাবে আক্ৰান্ত সকলৰ বাবে হ’ব পাৰে। তেওঁলোক থকা Hall ঘৰ বোৰতে এই ব্যৱস্থা কৰাব পাৰি। প্ৰতিগৰাকী ৰোগীয়ে নিজেই নিজৰ বিছনাত বহিয়েই কৰিব লগীয়া অনুশীলন কৰিব পাৰিব।

ভাৰত চৰকাৰে ইতিমধ্যেই গায়ত্ৰী মন্ত্ৰ জপ ক কেন্দ্ৰ কৰি যি গৱেষণাৰ কথা কৈছে– মই ভাবো তাৰ কাৰণো মানুহৰ মন আৰু আত্মাৰ উৎকৰ্ষ সাধন কৰাৰ বাবেই হয়তো..!!

মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী মহোদয়ে বিষয়টো উচিত বিবেচনা কৰিলে — আমি অসমৰ ৰোগীয়াৰ ৰোগ নিৰাময়ৰ খাতিৰত আগবাঢ়ি যাবলৈ প্ৰস্তুত। ধন্যবাদ।

লেখক : সত্যৰঞ্জন বৰা

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment