অসমৰ সমাজ জীৱনৰ দিকদৰ্শক, সাহিত্য জগতৰ মহীৰূহ, সাংবাদিকতাৰ ক্ষেত্ৰখনৰ অন্যতম পুৰোধা ব্যক্তি হোমেন বৰগোহাঞি।১২ মে’ৰ পুৱা ৬.৫৮ মান বজাত GNRCত শেষ নিশ্বাস ত্যাগ কৰিছিল ।
ইয়াৰে পাছৰে পৰা বিভিন্ন মহলত এক চৰ্চা চলিছিল যে তেওঁৰ স্মৃতিত চৰকাৰে ভাল এটা পদক্ষেপ ল’ব লাগে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত ঘোষণা কৰে-
নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছতে অসমৰ জাতীয় জীৱনৰ মনীষী হোমেন বৰগোহাঞিক আমি হেৰুৱালোঁ৷ তেওঁৰ নামত তাৎক্ষণিকভাৱে ৫০ কিলোমিটাৰ দৈৰ্ঘৰ চন্দ্ৰপুৰৰ পৰা মৰিগাঁও সংযোগী পথটো হোমেন বৰগোহাঞিৰ নামত নামকৰণ কৰিব লৈছোঁ৷ তেওঁৰ নামত আমি আৰু বহু কাম কৰিম ৷
উল্লেখযোগ্য যে ইয়াৰ লগতে আন ৰাজ্যৰ কোভিড পৰিস্থিতি, টিকাকৰণ অভিযানৰ লগতে আন বহু বিষয়ৰ ওপৰত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।