লকডাউনৰ মাজতে মুম্বাইৰ এক দম্পতীৰ বিবাহবাৰ্ষিকী উদযাপনৰ এটা ভিডিঅ’ই ছচিয়েল মিডিয়াত ব্যাপক ৰূপে খলকনিৰ সৃষ্টি কৰিছে ।
বিবাহবাৰ্ষিকীৰ বাবে বিশেষ ভাবে পালন কৰিছিল দম্পত্তিহালে । দম্পতীদ্বয়ে একেলগে গীত পৰিবেশন কৰিছে । কিন্তু ঘটনা সিমানতে শেষ নহয় বিড়ম্বনাৰ সৃষ্টি হ’ল মহিলাগৰাকীয়ে ডিঙিত পিন্ধা বৃহৎ আকাৰৰ মংগলসূত্ৰক লৈ। ভিডিঅ’ত দেখা গৈছে যে মহিলাগৰাকীয়ে এডাল আঁঠুলৈকে পৰা মংগলসূত্ৰ পিন্ধিছে, যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু বৃহত্ আকাৰৰ এই মংগলসূত্ৰই ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰে। অৱশ্যে ১ কেজি ওজনৰ সেই মংগলসূত্ৰ ডাল সোণৰ নহয়, দেখাতহে সোণৰ দৰে বুলি জানিব পৰা গৈছে।
আনহাতে, ভিৱান্দি আৰক্ষীয়ে ভাইৰেল হোৱা ভিডিঅ’টোৰ সত্যতাৰ নিৰূপণ কৰিবলৈ আৰম্ভ কৰে তদন্ত। উক্ত লোকজনক তদন্তৰ বাবে মাতি পঠিওৱা হ’ল। বালা কলি নামৰ লোকজনে পত্নীক উপহাৰ দিয়া ১ কেজি ওজনৰ মংগলসূত্ৰডাল আচলতে সোণৰ দৰে দেখাত কিন্তু সোণৰ নহয়। তেওঁ স্থানীয় গহণাৰ দোকানৰ পৰা ৩৮ হাজাৰ টকাত কিনিছিল। বিবাহবাৰ্ষিকীৰ দিনটো বিশেষ কৰিবলৈ মংগলসূত্ৰডাল পত্নীক উপহাৰ হিচাপে দিছিল বুলি জানিবলৈ দিয়ে স্বামীয়ে ।