দক্ষিণ শালমাৰা সমষ্টিৰ শালকাটা-ধেনাৰকুটী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

ধুবুৰী জিলা গ্ৰাম্য সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনত থকা ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ শালকাটা-ধেনাৰকুটী পথ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

২০১৮/১৯ বিত্তীয় বৰ্ষৰ ছিগনেছাৰ প্ৰজেক্ট আঁচনিৰ অধীনত শালকাটা-ধেনাৰকুটীত প্ৰায় ৪.৪৭৫ কিলোমিটাৰ দৈৰ্ঘ্য পথচোৱা বাবে ৪,৯৮,২০৮৫৫ টকা আবণ্টন দি কাম আৰম্ভ কৰাৰ দায়িত্ব বিভাগে ঠিকাদাৰ ফয়জাল হকৰ ওপৰত ন্যস্ত কৰিছিল৷ কিন্ত ঠিকাদাৰ গৰাকীয়ে বিভাগীয় নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই নিজৰ ইচ্ছামতেই পথৰ নিৰ্মাণৰ কাৰ্য চলাই যোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷

চৰকাৰী নিয়ম মতে পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ আগতেই পথৰ আঁচনিৰ লগতে বিভাগীয় ঠিকাদাৰ গৰাকীৰ নামৰ ফলক আঁৰি দিব লাগে যদিও উক্ত পথত ঠিকাদাৰ গৰাকীয়ে কেৱল ছিগনেছাৰ প্ৰজেক্টৰ উল্লেখ থকা এখন মাথোঁ ফলক আঁৰি দি কাম চলাই থকা দেখা গৈছে৷ অভিযোগ মতে পথটো পকী নে কেঁচা হব এইলৈ ঠিকাদাৰে কোনো ফলক আঁৰি দিয়া নাই৷

আনহাতে পথৰ নিৰ্মাণ কাৰ্য ঠিকাদাৰ জনে মধ্যভোগীৰ হতুৱাই চলাই যোৱাত নানা ধৰণৰ দুৰ্নীতি সংঘটিত হোৱা পৰিলক্ষিত হৈছে৷ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীৰ অনুপস্থিত কামটোত অধিক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷

এই ক্ষেত্ৰত ৰাইজে বিভাগটোৰ অভিযন্তাক কেবাবাৰো অভিযোগ দিয়াৰ পিছতো সুফল পোৱা নাই৷ গতিকে ৰাইজে নৱ গঠিত বিজেপি চৰকাৰ খনৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় অনতিপলমে এই পথ খনৰ তদন্ত কৰি ঠিকাদাৰৰ লগতে বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলোৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷

Comments (0)
Add Comment