বিখ্যাত ‘পাতাল ভৈৰৱী’ৰ স্ৰষ্টা ড°লক্ষ্মীনন্দন বৰাৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক ড°লক্ষ্মীনন্দন বৰাৰ দেহাৱসান ।এক্সেল কেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে ।কেইবাখনো উপন্যাসৰ ৰচক আছিল সাহিত্যিকগৰাকী ।কোভিড -১৯ ত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড°লক্ষ্মীনন্দন বৰাই।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ।উল্লেখযোগ্য যে, কৰ’নাত আক্ৰান্ত হৈ বিশিষ্ট সাহিত্যিকগৰাকী সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি হৈ আছিল।

এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু চুটিগল্পৰ লিখক আছিল ড°লক্ষ্মীনন্দন বৰা।
৬০তকৈও অধিক কিতাপ তেওঁ ৰচনা কৰি থৈ গৈছে ।১৯৩২ চনৰ ১৫ জুনত নগাঁওজিলাৰ কুজিদাহ গাঁৱৰ হাটীচুঙত জন্ম গ্ৰহণ কৰিছিল ।

” পাটাল ভৈৰৱী “আৰু “কায়কল্পৰ” দৰে বিখ্যাত গ্ৰন্থৰ বাবে পুৰস্কাৰ লাভ কৰিছিল এইজনা মহান মনীষীয়ে ।
“কায়কল্প” উপন্যাসৰ বাবে তেখেতে ভাৰতবৰ্ষৰ সাহিত্যৰ অন্যতম উচ্চ পৰ্যায়ৰ সন্মান “সৰস্বতী” বঁটা লাভ কৰিছিল। সাহিত্য একাডেমী বঁটাকে ধৰি অনেক সন্মানেৰে সন্মানিত আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকী।

বহুল প্ৰচলিত সাহিত্য আলোচনী “গৰিয়সী”ৰ সম্পাদক হৈ আছিল।তেখেতে ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল।।এইজনা মহান সাহিত্যিকে “সাহিত্য একাডেমী বঁটা” আৰু “সৰস্বতী সন্মান” লাভ কৰিছিল ।ইয়াৰ লগতে ভাৰত চৰকাৰে ২০১৫ চনত চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা “পদ্মশ্ৰীৰে” সন্মানিত কৰিছিল ।


best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment