ব্লেক ফাংগাছৰ পৰা কেনেকৈ বাচিব ,এই ফাংগাছে ৰং সলনি কিয় কৰে ?

দেশত কৰোনা মহামাৰীৰ মাজত বিভিন্ন ৰঙৰ ভেঁকুৰে অসুবিধাৰ সৃষ্টি কৰিছে ।ক’লা ,বগা আৰু হালধীয়া ৰঙৰ পিছত এতিয়া মধ্য প্ৰদেশৰ জবলপুৰৰ নেতাজি সুভাষ চন্দ্ৰ বসু চিকিৎসা মহাবিদ্যালয়ত কোৰোনা ৰোগীৰ ক্ৰীম ৰঙৰ ভেঁকুৰ পোৱাটোৱে উদ্বেগ সৃষ্টি কৰিছে অঞ্চলটোত । অবশ্যে ,এইমছৰ সঞ্চালক ড° ৰনদীপ গুলেৰীয়াই ইতিমধ্যে কৈছে যে ভেঁকুৰৰ ৰঙক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই ।

প্ৰফেছৰ বিজয় মিশ্ৰৰৰ এক ভাষ্য অনুসৰি ভেঁকুৰে নিজকে জীয়াই ৰাখিবলৈ আৰু বিয়পাবলৈ ৰং সলনি কৰে ।ভেঁকুৰৰ এই প্ৰজাতি সমূহে নিজকে জীয়াই ৰাখিবৰ বাবে পুষ্টিৰ প্ৰয়োজন হয় ,পৰ্যাপ্ত পৰিমাণৰ পুষ্টিৰ অভাৱ হ’লে ভেঁকুৰৰ মাইচেলিয়াম অংশটোৱে জীয়াই থকাৰ বাবে কিছু নতুন কলনিৰ সৃষ্টি কৰে যাৰ ফলত ভেঁকুৰৰ ৰং সলনি হয় ।ড°বিজয়নাথ মিশ্ৰই লগতে কয় যে ভেঁকুৰত কেৰাটিনোইড নামৰ উপাদান থাকে ।

ইয়াৰ বাবে ভেঁকুৰৰ শৰীৰত পৰিসৰ সম্প্ৰসাৰিত কৰে ।
এই ভেঁকুৰ নিৰাময় কৰিবৰ বাবে এম্ফোটেৰিচিন -বি বেজীৰ লগতে অন্যান্য ভেঁকুৰ প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰা হয় । চিকিৎসকৰ মতে এই ভেঁকুৰৰ সংক্ৰমণ হলে ঘৰত চিকিৎসা নকৰিবলৈ আহ্বান জনায় । শৰীৰত মৃদু লক্ষণ থাকিলেও পলম নকৰাকৈ অতিশীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক ।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment