আজি আজমল চি এচ আৰৰ ন্যাসৰক্ষী সিৰাজুদ্দিন আজমল আৰু আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খছৰুল ইছলামে আনুষ্ঠানিক ভাৱে “হেল্ল আজমল” নামেৰে এখন আঁচনিখন উদ্ধোধন কৰে।
হেল্লো আজমলৰ আঁচনিখনৰ জৰিয়তে কৰণাত আক্ৰান্ত দৰিদ্ৰ ৰোগীসকললৈ আজমল চি এছ আৰৰ জৰিয়তে প্ৰেৰণ কৰিব খাদ্য সামগ্ৰী,আনহাতে আঁচনিখনৰ জড়িয়তে খাদ্য বস্তুৰ লগতে চিকিৎসা সেৱাও আগবঢ়োৱা হ’ব।
এই আঁচনিৰ সুবিধা লবলৈ কৰণাত আক্ৰান্ত ভুক্তভোগী পৰিয়ালৰ সুবিধাৰ্থে ফোন নম্বৰ মুকলি কৰিছে 9394 746 234 আৰু 9394 891 480।এই নম্বৰত ফোন কৰিলেই আজমল চি এচ আৰে প্ৰকৃত তথ্য পৰীক্ষা কৰাৰ অন্তত পৰিয়ালসমূহৰ ঘৰলৈ পঠিয়াব খাদ্য সামগ্ৰীৰ টোপোলা ৷
ইয়াৰ লগতে সংবাদমাধ্যমৰ আগত যোৱাকালি কাকী তাৰালাংচুত হোজাই জিলা প্ৰশাসনে কৰা উচ্ছেদ কাৰ্যক সিৰাজুদ্দিন আজমলে তীব্ৰ গৰিহণা প্ৰদান কৰি অনাগত দিনত উচ্ছেদিত লোক সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে৷