সমগ্ৰ দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ আজি ৩টা বৰ্ষ উকলি গ’ল ।
আজিৰ দিনটোতে ২০১৮ চনত কাৰ্বিআংলঙৰ ডকমকাত মানুহৰ নৃশংসতাৰ বলি হবলগীয়া হৈছিল অভি-নীল । কাৰ্বি পাহাৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ গৈ একাংশ মানৱ সদৃশ দানৱে বৰ্বৰ ভাবে আক্ৰমণ কৰি হত্যা কৰিছিল ।কিন্তু আজি পৰ্যন্ত ন্যায় নাপালে নিলোৎপল আৰু অভিজিৎ নাথৰ পিতৃ মাতৃয়ে ।
মৃত অভিজিৎ নাথৰ পিতৃয়ে সংবাদমাধ্যমৰ আগত জনায় যে,” আজি অভি – নীলৰ হত্যাকাণ্ডৰ তিনি বছৰ সম্পূৰ্ণ হ’ল। তেওঁলোকৰ মৃত্যুৰ সময়ত অসমৰ জনতাই যিদৰে হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ,আজিও হয়তো বহু লোকৰ মনত সজীৱ হৈ আছে সেই দিনটোৰ ঘটনা ।
নগাঁও সত্ৰ আদালতত চলি থকা ন্যায়িক ব্যৱস্থা যথেষ্ট লেহেমীয়া হোৱাৰ বাবে লাহে লাহে আমি হতাশ হৈ পৰিছো । ন্যায়পালিকাৰ প্ৰতি অনুৰোধ জনাই , নীল-অভিৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি এই প্ৰক্ৰিয়া শীঘ্ৰে আগবঢ়াই নিয়ক ।দোষীয়ে উচিত শাস্তি পাওক । এনে নৃশংস ঘটনাৰ সমাধান নোলালে ভবিষ্যতেও আকৌ এনে ঘটনা ঘটিব পাৰে । অভিজিৎ নাথৰ পিতৃয়ে লগতে কয় যে ,”এইবাৰ আমাৰ নতুন চৰকাৰ আহিছে ।নতুন মুখ্যমন্ত্ৰীক আমি এই বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ কাতৰ অনুৰোধ জনাইছো” ।