আমিৰ খানৰ পুত্ৰ জোনেইড খানৰ প্ৰথম ছবি মহাৰাজাৰ দৃশ্যগ্ৰহণ আৰম্ভ ।

যিহেতু মহাৰাষ্ট্ৰ চৰকাৰে লকডাউনৰ সীমাবদ্ধতা শিথিল কৰিছে ,মুম্বাইত চলচিত্ৰ আৰু দূৰদৰ্শনৰ দৃশ্যগ্ৰহণ লাহে লাহে পুনৰ আৰম্ভ হৈছে ।বলিউডলৈ আহিবলগীয়া চলচিত্ৰৰ ভিতৰত আমিৰ খানৰ প্ৰথম ছবি মহাৰাজা ।চিনেমা খনৰ দৃশ্যগ্ৰহণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ।দৃশ্যগ্ৰহণৰ বাবে কলাকৌশলী আৰু ২৫ জন কণিষ্ঠ শিল্পী আৰু নিৰ্বাচিত ক্রু মেম্বাৰৰ সৈতে আৰম্ভ কৰিছে ।কোভিডৰ ভেকচিন গ্ৰহণ কৰা লোকসকলৰ সৈতে আৰম্ভ কৰিছে এই কাম ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে দেওবাৰে মুম্বাইত চলচিত্ৰ সমূহৰ দৃশ্যগ্ৰহণৰ অনুমতি প্ৰদান কৰাৰ পাছতেই জোনেইড খানে কাম আৰম্ভ কৰিছে ।ঠাকৰেয়ে লগতে কয় যে ,” প্ৰযোজক সকলে সম্পূৰ্ণৰূপে কোভিডৰ বাবে বান্ধি দিয়া নিয়ম অনুসৰি সাৱধানতা অৱলম্বন কৰি দৃশ্যগ্ৰহণ কৰিব লাগিব “অন্যথা কোভিড ভাইৰাছৰ দ্বাৰা পুনৰ সংক্ৰমণ হোৱাৰ আশংকা আছে। “

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment