চিজুছাত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্পেচিয়েল টাস্ক ফৰ্চৰ ধৰ্ণা কাৰ্যসূচী

বিগত ৬ মাহ ধৰি দৰমহা লাভ নকৰাৰ প্ৰতিবাদত চিজুছাত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্পেচিয়েল টাস্ক ফৰ্চৰ ধৰ্ণা কাৰ্যসূচী ।জামুগুৰিহাটৰ নিকটবৰ্তী অৰুণাচল প্ৰদেশৰ চিজুছাত আজি তিনিদিন ধৰি নিজৰ কৰ্তব্যৰ পৰা বিৰত থাকি চিজুছা বন্যপ্ৰাণী অভয়াৰণ্যৰ স্পেচিয়েল টাস্ক ফৰ্চৰ জোৱান সকলে পাকে বন্যপ্ৰাণী অভয়াৰণ্য সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত দিনজোৰা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে । তেওঁলোকে হাতে হাতে বেনাৰ পষ্টাৰ লৈ “No salary No work “আদি ধৰ্ণাৰে সমগ্ৰ চিজুছাৰ আকাশবতাহ কপাই তোলে ।

সমগ্ৰ দেশত কৰুণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি সৰ্বসাধাৰণ ৰাইজক আৰ্থিক ভাবে জুৰুলা কৰাৰ সময়তে চিজুছাৰ পাকে বন্যপ্ৰাণী অভয়াৰণ্য সংমণ্ডলৰ অন্তৰ্গত টিপি,ৰি’ল’ আৰু চিজুছা ৰেঞ্জৰ স্পেচিয়েল টাস্ক ফৰ্চৰ জোৱান সকলে বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা একেৰাহে ছমাহ ধৰি দৰমহা নোপোৱাত তেওঁলোকে নিজ নিজ পৰিয়ালক পোহপাল দিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

যি সময়ত এচাম অসাধুব্যৱসায়ীয়ে দেশৰ ভিন্ন প্ৰান্তৰ অভয়াৰণ্য সমুহত দিনে নিশাই বন্যপ্ৰাণী চিকাৰ, গছ গছনি কাটি তহিলং কৰিছে সেই সময়তে চিজুছাৰ উক্ত স্পেচিয়েল টাস্ক ফৰ্চৰ জোৱান সকলে দিনে নিশাই নিজ নিজ কৰ্তব্যত নিয়োজিত থাকি অভয়াৰণ্য খনৰ গছ গছনিৰ লগতে জীৱ জন্তু বিলাকক অতি কম দৰমহাৰ বিনিময়ত নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি সুৰক্ষা প্ৰদান কৰি আহিছে ।সেই সকল জোৱানক ছমাহ ধৰি অৰুণাচল চৰকাৰে দৰমহা মোকলাই নিদিয়াত স্থানীয় প্ৰকৃতিপ্ৰেমী লোক সকলে ক্ষোভ প্ৰকাশ কৰি অতিশীঘ্ৰে নিয়োজিত জোৱান সকলৰ দৰমহা মোকলাই দিয়াৰ উপৰিও মাহিলি দৰমহা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে ।

best news portal in assam top news channel assam best web portal in assam online news assam latest news assam
Comments (0)
Add Comment