“আমাৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱান নিৰ্দোষী। এয়া আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ। ইছাফাকুৰ হুছেইনক আৱদ্ধ কৰা সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”- এই মন্তব্য নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ।
উল্লেখযোগ্য যে, বুধবাৰে নগাঁৱৰ মেৰতলাত সংগঠিত হৈছে এক ভয়ংকৰ কাণ্ড নিশা গাঁওৰক্ষী বাহিনীয়ে এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱান ইছফাকুৰ ৰহমানক ড্ৰাগছসহ আটক কৰি আৰক্ষীক গটাই দিছিল। ৰাইজৰ মতে, অসামৰিক পোছাকত থকা জোৱানজন নিচাসক্ত অৱস্থাত দুৰ্ঘটনাত পতিত হৈছিল। কৰ্তব্য সামৰি ঘৰলৈ যোৱা জোৱানজনে কিয় পকেটত ড্ৰাগছ লৈ গৈছিল তাক লৈয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
উক্ত ঘটনা সম্পৰ্কে সংবাদমাধ্যমত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে আজি নগাঁও সদৰ আৰক্ষী থানাত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “এয়া এণ্টি নাৰ্কটিক স্কোৱাডৰ বিৰুদ্ধে ষড়যন্ত্ৰ। অপৰাধী চক্ৰ আৰক্ষীৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে। কিন্তু এতিয়াৰ পৰা নগাঁও আৰক্ষীয়ে এনে ষড়যন্ত্ৰ আৰু সহ্য নকৰে। ইয়াৰ বিৰুদ্ধে আমি উচিত ব্যৱস্থা ল’ম।”
অন্যহাতে, ইছফাকুৰ হুছেইন নিচাসক্ত অৱস্থাত নাছিল বুলিও সংবাদ মাধ্যমৰ ওচৰত দাবী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। ইতিমধ্যে ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।