ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জেষ্ঠ নেতা শংকৰ দাসৰ বুধবাৰে বিয়লি গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় ।৭৪বছৰ বয়সত জেষ্ঠ নেতাগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ বৰনগৰ অঞ্চলত ।
ৰাজনৈতিক ক্ষেত্ৰখনলৈ অহাৰ পূৰ্বে জেষ্ঠ নেতাগৰাকীয়ে বৰনগৰ মহাবিদ্যালয়ৰ অধ্যাপক ৰূপে কৰ্মৰত আছিল ইয়াৰ উপৰিও তেওঁ এজন সফল সাংবাদিক আছিল ।হিন্দুস্তান সমচাৰ,নিউজ এজেঞ্চি ,নিউজ ষ্টাৰ ,দ্য ছেন্টিনেল ,আজিৰ অসম আদি কাকতত সংবাদদাতা ৰূপে শংকৰ দাসে সেৱা আগবঢ়াইছিল । বৰপেটা জিলাৰ বিজেপিৰ সভাপতিৰ আসন শুৱনি কৰিছিল শংকৰ দাসে।যোৱাটো বিধান সভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও পৰাজিত হয় ।
কোভিডত আক্ৰান্ত হোৱাৰ পাছতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে ।চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও শৰীৰত ধৰা দিয়া কিছু অন্যান্য বেমাৰৰ বাবে অধিক অসুস্থ হৈ পৰে আৰু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে বিজেপিৰ জেষ্ঠ নেতা শংকৰ দাসে ।
মৃত্যুৰ সময়ত তেওঁ পত্নী প্রণতি দাস আৰু পুত্ৰ ভাস্কৰজ্যোতি দাসক ইহসংসাৰত এৰি থৈ যায় ।বিজেপিৰ জেষ্ঠ নেতাগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ,প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,বিজেপিৰ ৰাজ্যিক সভাপতি তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বৰ্তমান সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰকে ধৰি দলৰ অন্যান্য কৰ্মকৰ্তা সকলৰ লগতে দল সংগঠন সমূহেও গভীৰ শোক প্রকাশ কৰে ।